নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰীঃৰাজধানী দিল্লীত বৃহস্পতিবাৰে 15 হাজাৰতকৈ অধিক চিকিৎসা সেৱাৰ লগত জড়িত যোদ্ধাক প্ৰদান কৰা হয় মহামাৰী কৰ’ণাৰ প্ৰতিষেধক ৷
এই টীকাকৰণ মুঠ 265টা কেন্দ্ৰত প্ৰায় ৫৯.৬৪ শতাংশ আছিল । মহামাৰী কৰ’ণা ভেকচিন লোৱা ব্যক্তিৰ ভিতৰত প্ৰায় 12 জনৰ শৰীৰতেই চিহ্নিত হৈছিল ইয়াৰ প্ৰতিক্ৰিয়া ৷
বৃহস্পতিবাৰে দিল্লীত আনুষ্ঠিত হোৱা এই টীকাকৰণ কাৰ্যসূচীৰ 18 তম দিন আছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, এই টীকাকৰণ কেন্দ্ৰৰ সংখ্যা দিল্লীত ৮২লৈ বৃদ্ধি কৰা হৈছিল ।
আনহাতে পশ্চিম দিল্লীত সৰ্বাধিক টীকাকৰণ কৰা হৈছিল ৷ দক্ষিণ দিল্লীৰ ১৮১০ জন লোকক প্ৰতিষেধক জিলা অনুযায়ী প্ৰদান কৰা হৈছিল ৷ লগতে মধ্য দিল্লীত ১৮০৩ জন আৰু নতুন দিল্লীত ১৬৫৮ জন লোকক টিকাকৰণ কৰা হয় ৷