অসম

assam

ETV Bharat / bharat

Manipur violence: মণিপুৰত পুনৰ উত্তেজনা, দুৰ্বৃত্তই কাঢ়ি নিলে নিৰাপত্তা বাহিনীৰ তিনিশতাধিক অস্ত্ৰ - weapons of security forces snatched by miscreants

মণিপুৰত পুনৰ দুৰ্বৃত্তই অসম ৰাইফলছৰ ভাণ্ডাৰৰ পৰা কাঢ়ি নিলে অস্ত্ৰ-শস্ত্ৰ । ইম্ফল পূব আৰু ইম্ফল পশ্চিম জিলাত সান্ধ্য আইন জাৰি । চুৰাচান্দপুৰৰ প্ৰস্তাৱিত গণ সমাধি কাৰ্যসূচী বন্ধ কৰাৰ বাবে সংঘৰ্ষ ।

Manipur violence
দুৰ্বৃত্তই কাঢ়ি নিলে নিৰাপত্তা বাহিনীৰ ১০০ৰো অধিক অস্ত্ৰ

By

Published : Aug 4, 2023, 12:12 PM IST

তেজপুৰ,৪ আগষ্ট :উন্নত হোৱা নাই মণিপুৰৰ পৰিস্থিতি । একপ্ৰকাৰ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ । ইয়াৰ মাজতে পুনৰ বৃহস্পতিবাৰে ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাত ভয়ংকৰ ঘটনা । একাংশ লোকে কাংভাই অঞ্চলত নিৰাপত্তা বাহিনীৰ ভাণ্ডাৰত আক্ৰমণ কৰে । সেনা আৰু আৰএএফৰ গুলীচালনাৰ পাছতে শতাধিক লোকে ২য় এম আৰ আৰু ৭ম এম আৰ বেটেলিয়নৰ ৩০০তকৈ অধিক অস্ত্ৰ কাঢ়ি লৈ যায় ।

দুৰ্বৃত্তই কাঢ়ি নিলে নিৰাপত্তা বাহিনীৰ ১০০ৰো অধিক অস্ত্ৰ

আনহাতে এই পৰিস্থিতিত মণিপুৰ ইম্ফল পশ্চিম জিলাৰ চেঞ্জাম চিৰাং নামৰ এগৰাকী আৰক্ষীৰ লোকো নিহত হয় । জানিব পৰা মতে বিভিন্ন দিশৰ পৰা অহা লোকসকলে উত্তৰ এঅ'চিৰ ২য় বেটেলিয়ন আৰু ৭ম বেটেলিয়ন খাবেইছৈত মণিপুৰ ৰাইফলছ বেটেলিয়নৰ ইম্ফল পশ্চিম আৰু ইম্ফল পূব জিলাৰ পৰা অস্ত্ৰ আৰু গোলাবাৰুদ কাঢ়ি লৈ যায় । ইম্ফল পশ্চিম আৰু ইম্ফল পূব প্ৰশাসনে জাৰি কৰা বিবৃতি অনুসৰি তীব্ৰ উত্তেজনাৰ পাছতে অঞ্চলটোত সান্ধ্য আইন জাৰি কৰা হৈছে ।

উল্লেখ্য যে, চুৰাচান্দপুৰলৈ ৰাজহুৱা সমাধি কাৰ্যসূচীৰ বন্ধ কৰাৰ লগতে সেই অঞ্চললৈ যোৱাৰ বাধা দিয়াৰ পাছতে সেনা আৰু ৰেপিড এক্সন বাহিনীৰ সৈতে বিষ্ণুপুৰ অঞ্চলত হাজাৰ হাজাৰ লোক সংঘৰ্ষত লিপ্ত হয় ।

চৰকাৰী সূত্ৰৰ মতে এনে পৰিস্থিতিত সেনা আৰু ৰেপিড এক্সন বাহিনীয়ে কন্দুৱা গেছ আৰু শূন্যলৈ গুলীচালনা কৰাৰ ফলত প্ৰায় ২০ জন লোক আহত হয় । ইয়াৰ পাছত ইম্ফল পূব আৰু ইম্ফল পশ্চিম জিলাত প্ৰশাসনে পূৰ্বৰ সান্ধ্য আইন শিথিল উঠাই দিয়ে আৰু নতুনকৈ সান্ধ্য আইন জাৰি কৰে । ফলস্বৰূপে মণিপুৰৰ জাতিগত হিংসাত নিহত কুকি-জোমি লোকৰ পৰিকল্পিত গণ সমাধি কাৰ্যসূচী স্থবিৰ হৈ পৰে ।

উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে পুৱা চুৰাচান্দপুৰ জিলাৰ প্ৰস্তাৱিত সমাধিস্থলীত যথাৰ্থ অৱস্থা বজাই ৰখাৰ নিৰ্দেশ দিয়াৰ পাছত বিষ্ণুপুৰৰ সীমান্তৱৰ্তী চুৰাচান্দপুৰ জিলাৰ হাওলাই খোপী গাঁৱৰ সেই স্থানত ৩৫ জন লোকৰ সমাধিৰ কাৰ্যসূচী পিছুৱাই দিয়াৰ কথাও এপেক্স ট্ৰাইবেল বডি আইটিএলএফে প্ৰকাশ কৰে ।

লগতে পঢ়ক :Manipur violence: বিতৰ্কিত ভূমিত কৰিব নোৱাৰিব কুকি শ্বহীদৰ ৰাজহুৱা সমাধি; বসন্তকুমাৰ সিং

ABOUT THE AUTHOR

...view details