নেশ্যনেল ডেস্ক,৩ এপ্ৰিল: সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বলীউড তথা টেলিভিচন উদ্যোগৰ ড্ৰাগছ সৰবৰাহৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল । তেতিয়াৰ পৰাই মুম্বাইত যথেষ্ট সক্ৰিয় হৈ আছে নাৰ্ক'টিক্স কণ্ট্ৰল ব্যুৰ'(এনচিবি) । বলীউডৰ বহু সৰু-বৰ তাৰকাক ইতিমধ্যে জেৰা চলাইছে এনচিবিয়ে ।
ইয়াৰ মাজতে শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহৰ এক গোচৰত গ্ৰেপ্তাৰ হৈছে বলীউডৰ অভিনেতা এজাজ খান । জয়পুৰৰ পৰা আহি মুম্বাই বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত এজাজ খানক আটক কৰে এনচিবিয়ে । এনচিবিয়ে এজাজক ৮ ঘণ্টা ধৰি মাৰাথন জেৰা চলোৱাৰ পিছত লোখণ্ডৱালা অঞ্চলৰ আন্ধেৰীত অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিনেতাজনক । অভিনেতাগৰাকীক গ্ৰেপ্তাৰৰ পিছতে এনচিবিয়ে লাভ কৰিছে বহু গুৰুত্বপূৰ্ণ তথ্য । এনচিবিয়ে দাবী কৰা মতে বলীউড আৰু টেলিভিচন উদ্যোগৰ বহু তাৰকালৈ এজাজে ড্ৰাগছৰ যোগান ধৰিছিল ।