নিউজ ডেস্ক, ২৪ আগষ্ট : বুধবাৰে মহাকাশ গৱেষণাত এক ঈৰ্ষণীয় সফতা লাভ কৰি ভাৰতে এক মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হয় । আনহাতে, চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ এদিন পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুৰব্বী এছ সোমনাথে কয় যে সংস্থাটোৱে চন্দ্ৰত অৱতৰণ কৰিবলৈ দক্ষিণ মেৰুক বাছনি কৰাৰ কাৰণটো হৈছে বিজ্ঞানীসকলে বিশ্বাস কৰে যে তাত মানৱ উপনিবেশ সৃষ্টিৰ সম্ভাৱনা আছে ।
"আমি দক্ষিণ মেৰুৰ ওচৰলৈ গৈছোঁ যিটো প্ৰায় ৭০ ডিগ্ৰী । সূৰ্যৰ পৰা কম পোহৰ পৰাৰ বাবে দক্ষিণ মেৰুৰ এক নিৰ্দিষ্ট সুবিধা আছে । অধিক বৈজ্ঞানিক সমল থকাৰো সম্ভাৱনা আছে ।" সংবাদ সংস্থা এএনআয়ে ইছৰোৰ মুৰব্বী এছ সোমনাথৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে ।
তেওঁ লগতে কয়, "চন্দ্ৰত কাম কৰি থকা বিজ্ঞানীসকলে দক্ষিণ মেৰুৰ প্ৰতি যথেষ্ট আগ্ৰহ দেখুৱাইছিল । কাৰণ অৱশেষত মানুহে গৈ তাত উপনিবেশ সৃষ্টি কৰিব বিচাৰে আৰু তাৰ পিছত অন্য অংশলৈ যাত্ৰা কৰিব বিচাৰে । গতিকে আমি তেনে এটুকুৰা সৰ্বশ্ৰেষ্ঠ ঠাই বিচাৰি আছোঁ আৰু দক্ষিণ মেৰু সেইটুকুৰা স্থান হোৱাৰ সম্ভাৱনা আছে...।"