অসম

assam

ETV Bharat / bharat

Soil profiling of Moon: প্ৰথমবাৰলৈ চন্দ্ৰযান-৩য়ে পৰীক্ষা কৰিলে চন্দ্ৰপৃষ্ঠৰ মাটি - Lunar surface temperature

চন্দ্ৰপৃষ্ঠৰ মাটি কেনেকুৱা ? ইয়াৰ উষ্ণতা, গঠন আদি কেনে ? এই সকলোবোৰ তথ্য জানিবলৈ চন্দ্ৰযান-৩য়ে কাম আৰম্ভ কৰিছে । চন্দ্ৰপৃষ্ঠৰ মাটিৰ পৃথক উষ্ণতাৰ গ্ৰাফ মুকলি কৰিছে ইছৰোৱে ।

Soil profiling of Moon
প্ৰথমবাৰলৈ চন্দ্ৰযান-৩য়ে পৰীক্ষা কৰিলে চন্দ্ৰপৃষ্ঠৰ মাটি

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 5:30 PM IST

নেশ্যনেল ডেস্ক,২৭ আগষ্ট:চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাছত বিভিন্ন মহলত কৌতূহল অব্যাহত আছে । ইয়াৰ মাজতে বিশ্বৰ মহাকাশ বিজ্ঞানত আন এক ইতিহাস ৰচনা কৰিলে ভাৰতে । ভাৰতে চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-৩য়ে প্ৰথমবাৰলৈ চন্দ্ৰপৃষ্ঠৰ মাটি পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে । চন্দ্ৰৰ দক্ষিণ মেৰুৰ মাটিৰ প্ৰফাইলিং পৰিচালনা কৰি বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে চন্দ্ৰযান-৩য়ে । মাটিৰ উষ্ণতাৰ তাৰতম্য অধ্যয়ন কৰিবলৈ চন্দ্ৰপৃষ্ঠৰ ১০ চেঃমিঃ তললৈকে ই কাম কৰিছে ।

২৩ আগষ্টত ইছৰোৰ চন্দ্ৰযান-৩য়ে সফল অৱতৰণ কৰিছিল । ইয়াৰ মাত্ৰ ৪ দিনৰ পাছত ইছৰোৰ গৱেষণাই চন্দ্ৰযান-৩ ৰ পৰা লাভ কৰা প্ৰাৰম্ভিক ফলাফল প্ৰকাশ কৰিছে । ইফালে এতিয়ালৈ কোনো ৰাষ্ট্ৰই চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব পৰা নাছিল আৰু কোনোৱে এতিয়ালৈ চন্দ্ৰৰ মাটিৰ তাপমাত্ৰা জানিবলৈ কোনো পৰীক্ষা কৰা নাছিল ।

প্ৰথমবাৰলৈ চন্দ্ৰযান-৩য়ে পৰীক্ষা কৰিলে চন্দ্ৰপৃষ্ঠৰ মাটি

ইছৰোৱে চন্দ্ৰৰ মাটিৰ উষ্ণতাৰ তাৰতম্য বিভিন্ন গভীৰতাত প্ৰদৰ্শন কৰা এক উষ্ণতা গ্ৰাফ প্ৰকাশ কৰিছে । 'ChaSTE' পৰীক্ষাটোৱে (চন্দ্ৰৰ পৃষ্ঠ তাপভৌতিক পৰীক্ষা) মেৰুৰ ওচৰত চন্দ্ৰৰ ওপৰৰ মাটিৰ উষ্ণতাৰ আলেখ্য ধৰি ৰাখে, যি চন্দ্ৰপৃষ্ঠৰ তাপীয় বৈশিষ্ট্যৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে । এক নিয়ন্ত্ৰিত প্ৰৱেশ প্ৰণালীৰে সজ্জিত উষ্ণতা অনুসন্ধান পৃষ্ঠৰ তলত ১০ চেঃমিঃ পৰ্যন্ত গভীৰতাত উপনীত হ'ব পাৰে আৰু ইয়াত ১০ টা উষ্ণতা চেন্সৰ থাকে ।

উপস্থাপন কৰা গ্ৰাফে বিভিন্ন গভীৰতাত চন্দ্ৰপৃষ্ঠৰ উষ্ণতাৰ তাৰতম্য বৰ্ণনা কৰে । চন্দ্ৰৰ দক্ষিণ মেৰুত এনেধৰণৰ প্ৰথম পৰীক্ষা । অৱশ্যে বিতং পৰ্যৱেক্ষণ চলি আছে বুলি এক্সৰ এটা পোষ্টত ইছৰোৱে উল্লেখ কৰিছে ।

ইছৰোৱে উল্লেখ কৰা মতে যিটো পেলোডে এই পৰীক্ষা কৰিছে সেয়া আহমেদাবাদৰ পিআৰএলৰ সহযোগত মহাকাশ পদাৰ্থ বিজ্ঞান গৱেষণাগাৰ (এছপিএল), ভিএছএছচিৰ নেতৃত্বত এটা দলে নিৰ্মাণ কৰিছে । ইছৰো গ্ৰাফত দেখুওৱা তাপমাত্ৰাৰ পৰিসৰ -১০ ডিগ্ৰী চেলচিয়াছৰ পৰা ৬০ ডিগ্ৰী চেলচিয়াছলৈকে বিস্তৃত ।

উল্লেখ্য যে চন্দ্ৰযান-৩ত ৭ টা পেলোড আছে । বিক্ৰম লেণ্ডাৰত ৪ টা, প্ৰজ্ঞান ৰভাৰত ২ টা আৰু এটা প্ৰপালচন মডিউল পেলোড । এই পেলোডবোৰ কৌশলগতভাৱে বিভিন্ন বৈজ্ঞানিক পৰীক্ষাৰ বাবে ডিজাইন কৰা হৈছে । চন্দ্ৰৰ মাটি বিশ্লেষণৰ বাবে সমৰ্পিত ChaSTEৰ লগতে বিক্ৰমে ৰামভা (আয়ন আৰু ইলেক্ট্ৰন অধ্যয়ন কৰিবলৈ), আইএলএছএ (ভূমিকম্পৰ কাৰ্যকলাপ অধ্যয়ন কৰিবলৈ), আৰু এলআৰএ (চন্দ্ৰৰ প্ৰণালীৰ গতিশীলতা উন্মোচন কৰিবলৈ) আছে ।

লগতে পঢ়ক :BJP slams TMC: বংগ চৰকাৰ পাকিস্তানপ্ৰেমী; ISI ৰ সন্দেহযুক্ত এজেণ্ট গ্ৰেপ্তাৰৰ পিচতে তৃণমূলক আক্ৰমণ বিজেপিৰ

ABOUT THE AUTHOR

...view details