অসম

assam

ETV Bharat / bharat

Monsoon Session : মণিপুৰৰ যৌন নিৰ্যাতনৰ ভিডিঅ' সন্দৰ্ভত সদনক জনাওক; প্ৰধানমন্ত্ৰীক দাবী কংগ্ৰেছৰ - Congress demands PM Modis reaction on Manipur

কেইবাটাও বিৰোধী দলে বৃহস্পতিবাৰে সংসদৰ বৰ্ষাকালীন অধিবেশনৰ প্ৰথম দিনটোত মণিপুৰৰ হিংসা সন্দৰ্ভত সভা স্থগিত প্ৰস্তাৱ উত্থাপনৰ পৰিকল্পনা কৰিছে ।

Monsoon Session
Monsoon Session

By

Published : Jul 20, 2023, 2:05 PM IST

নিউজ ডেস্ক, ২০ জুলাই : বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিবেশন । অধিবেশনৰ প্ৰথম দিনটোতেই বিৰোধীয়ে মণিপুৰৰ উলংগ মহিলাৰ ভাইৰেল ভিডিঅ' প্ৰসংগত সদনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । লগতে মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত বিৰোধীয়ে চৰকাৰক আক্ৰমণৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে । আনহাতে, বিৰোধীৰ হুলস্থুলীয়া পৰিৱেশৰ বাবে বৃহস্পতিবাৰে সংসদৰ দুয়ো সদন দিনৰ ২ বজালৈকে স্থগিত ৰাখিবলগা হয় ।

আনহাতে, কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাইৰেল ভিডিঅ'টোৰ বিষয়ে সদনক অৱগত কৰিবলৈ দাবী জনাইছে । উল্লেখ্য যে মণিপুৰত দুগৰাকী কুকি-জোমী মহিলাক উলংগ কৰি যৌন নিৰ্যাতন চলোৱা এটা ভিডিঅ' বুধবাৰে ভাইৰেল হয় আৰু এই ঘটনাই সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লোকসভাত কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে আমাৰ দলৰ দাবী হৈছে সদনত মণিপুৰ বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বক্তব্য ৰাখক । "... আমাৰ দলৰ প্ৰথম দাবী হৈছে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ বিষয়ত সদনত বিবৃতি দিয়ক আৰু আমাক এই বিষয়ে আলোচনা কৰাৰ সুযোগ দিয়ক । কাইলৈ আমি ইয়াৰ ওপৰত সভা স্থগিত প্ৰস্তাৱ আনিব বিচাৰোঁ ।" অধীৰ ৰঞ্জনে কয় ।

উল্লেখ্য, বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিবেশনত ৰে'ল সুৰক্ষা, নিবনুৱা, মুদ্ৰাস্ফীতি, ভাৰত-চীন সীমান্তৰ স্থিতি আৰু দুয়োখন দেশৰ মাজত বাণিজ্য সন্তুলনৰ দৰে অন্যান্য বিষয়সমূহ আলোচনাৰ বাবে আহিব । ইফালে অধিবেশনৰ পূৰ্বে কেন্দ্ৰই এখন সৰ্বদলীয় বৈঠক আহ্বান কৰে । উক্ত বৈঠকত ৩৪ টা দল আৰু ৪৪ জন নেতাই অংশগ্ৰহণ কৰে । সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এইকথা কয় ।

তেওঁ লগতে কয় যে সৰ্বদলীয় বৈঠকত নেতাসকলে চৰকাৰৰ সন্মুখত বহুতো গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে আৰু বৰ্ষাকালীন অধিবেশন সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বৈঠকখন আহ্বান কৰা হয় । উল্লেখ্য যে ১১ আগষ্টলৈকে চলিবলগা এই অধিবেশনত ১৭ খন বৈঠক অনুষ্ঠিত হ'ব । "বৰ্তমান চৰকাৰৰ ওচৰত ৩১ টা আইনী বিষয় আছে যাক চিনাক্ত কৰা হৈছে । আমি কি আনিব লাগিব আৰু কি নালাগিব সেই বিষয়ত আমি পিছত সিদ্ধান্ত ল'ম, কিন্তু কমেও ৩১ টা আইনী বিষয় এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ আছে ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :Manipur incident : মণিপুৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details