নেশ্যনেল ডেস্ক, ১০ আগষ্ট :সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনত বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ ওপৰত বিতৰ্ক অব্যাহত আছে । আজি এই বিতৰ্কৰ তৃতীয় দিন । বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ লগতে বিভিন্ন ধৰণৰ যুক্তিৰে সদনত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে অনাস্থা প্ৰস্তাৱৰ বিতৰ্কত অংশগ্ৰহণ কৰিব আৰু আবেলি ৪ বজাত তেওঁ উত্তৰ দিব । বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা স্পষ্ট কৰে । কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে বিতৰ্ক আৰম্ভ কৰাৰ ২ দিন পাছতে সদন স্থগিত ৰখাৰ ঠিক পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা নিশ্চিত কৰে ।
একে সময়তে, বুধবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে চৰকাৰক তীব্ৰ আক্ৰমণ কৰে । ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে বিৰোধী পক্ষক সমালোচনা আৰম্ভ কৰে । ২৬ জুলাইত বিৰোধীয়ে মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে । যিটো লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গ্ৰহণ কৰে ।
অৱশ্যে, এই অনাস্থা প্ৰস্তাৱে মোডী চৰকাৰৰ বাবে কোনো সংকটৰ সৃষ্টি নকৰিব । কাৰণ বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহৰ লোকসভাত সংখ্যাগৰিষ্ঠতা আছে । যিকোনো লোকসভাৰ সাংসদ, যাৰ ৫০ জন সদস্যৰ সমৰ্থন আছে, যিকোনো সময়তে মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব পাৰে । প্ৰস্তাৱটো দাখিল কৰাৰ পাছত, ইয়াক আলোচনা কৰা হয় । প্ৰস্তাৱটো সমৰ্থন কৰা সাংসদসকলে চৰকাৰ আৰু শাসকীয় দলৰ সাংসদসকলৰ ত্ৰুটিবোৰ উত্থাপন কৰে । অৱশেষত ভোটদান হয় আৰু যদি প্ৰস্তাৱটো সফল হয় চৰকাৰ ভংগ হয় ।