নেশ্যনেল ডেস্ক,১২ অক্টোবৰ :মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ নেতা নবাব মালিকক উচ্চতম ন্যায়ালয়ে সকাহ প্ৰদান কৰে । আদালতে ধন আত্মসাৎ গোচৰত তেওঁক দিয়া অন্তৱৰ্তীকালীন জামিন ৩ মাহলৈ বৃদ্ধি কৰে । বোম্বাই উচ্চ ন্যায়ালয়ে ১৩ জুলাইত এক নিৰ্দেশত মালিকক চিকিৎসাজনিত কাৰণত জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল । মালিকে তেতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । ধন আত্মসাৎ গোচৰটো ইডিয়ে তদন্ত কৰি আছে ।
জামিন বৃদ্ধি কৰি ন্যায়াধীশ বেলা এম ত্ৰিবেদী আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে কয় যে মালিক বৃক্কৰ ৰোগত ভুগি আছে আৰু ১১ আগষ্টত দুমাহৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ হোৱাৰ পাছতো তেওঁৰ স্বাস্থ্যৰ উন্নতি হোৱা নাই । অৱশ্যে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে অন্তৱৰ্তীকালীন জামিনৰ সম্প্ৰসাৰণৰ বিৰোধিতা কৰা নাই । মালিকক ২০২২ চনৰ ফেব্ৰুৱাৰীত ইডিয়ে পলাতক গেংষ্টাৰ ডাউদ ইব্ৰাহিম আৰু তেওঁৰ সহযোগীসকলৰ সৈতে ধনৰ লেনদেন সম্পৰ্কিত এক গোচৰত গ্ৰেপ্তাৰ কৰিছিল ।