অসম

assam

By

Published : Jan 17, 2021, 8:43 PM IST

ETV Bharat / bharat

কেৰালাত ম'বাইল এপৰ জৰিয়তে ধন লুন্ঠন

কেৰালাৰ ইদ্দুকি জিলাত প্ৰায় ১০০ ৰো অধিক লোকে এমাজন সদৃশ লগো ব্য়ৱহাৰ কৰা "ওএমজি বাৰ্চ" এপৰ জৰিয়তে হেৰুৱাইছে নিজৰ ধন । এপ উপভোক্তাক জালত পেলাই দুষ্টচক্ৰটোৱে এপৰ জৰিয়তে ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে ।

কেৰালাত ম'বাইল এপৰ জৰিয়তে ধন লুন্ঠন
কেৰালাত ম'বাইল এপৰ জৰিয়তে ধন লুন্ঠন

নিউজ ডেস্ক , ১৭ জানুৱাৰী :দেশত পুনৰ ম'বাইল এপলিকেচনৰ জৰিয়তে ধন লুণ্ঠনত নামিছে একাংশ দুষ্টচক্ৰ । কেৰালাৰ ইদ্দুকি জিলাত প্ৰায় ১০০ ৰো অধিক লোকে এমাজন সদৃশ লগো ব্য়ৱহাৰ কৰা "ওএমজি বাৰ্চ" এপৰ জৰিয়তে হেৰুৱাইছে নিজৰ ধন । এপ উপভোক্তাক জালত পেলাই দুষ্টচক্ৰটোৱে এপৰ জৰিয়তে ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে ।

উল্লেখ যে "ওএমজি বাৰ্চ" নামৰ ৱেবচাইটটোত লোকসকলক ধন ঘটাৰ লোভ দেখুওৱা হৈছিল । ৫০০ ৰ পৰা ৫০ হাজাৰ পৰ্যন্ত ধন জমা কৰিলে প্ৰতিদিন ধনৰ বিনিময়ত লাভাংশ দিয়াৰ কথা কোৱা হৈছিল এই ৱেব চাইটত । এই বিষয়ে সামাজিক মাধ্য়মত শ্বেয়াৰ কৰিবলৈ দিয়া হৈছিল । প্ৰথম অৱস্থা এজনে ধন লাভ কৰাৰ পিছতে বহু লোকে এই এপ বা ৱেব চাইটত যোগ দিয়ে । পৰৱৰ্তী সময়ত এই এপ কাম নকৰা হয় যাৰ বাবে বহু লোকে এতিয়া নিজৰ ধন সমূহ হেৰুৱাই মূৰে কপালে হাত দিছে ।

লগতে পঢ়ক :ৰোগাক্ৰান্ত অনুৰাগীলৈ ভিডিঅ' বাৰ্তা হলীউড ষ্টাৰ ৰেয়ান ৰেনল্ডৰ

ABOUT THE AUTHOR

...view details