অসম

assam

By

Published : Sep 3, 2022, 9:44 PM IST

ETV Bharat / bharat

উত্তৰ প্ৰদেশত ৰে'লত মহিলা সহযাত্ৰীক উৎপীড়ন

উত্তৰ প্ৰদেশত ৰেলত মহিলা সহযাত্ৰীক উৎপীড়ন কৰাৰ বাবে সহযাত্ৰীক গ্ৰেপ্তাৰ । নতুন দিল্লী-শিয়ালদাহ ৰাজধানী এক্সপ্ৰেছত(New Delhi Sealdah Rajdhani Express)এই উৎপীড়নৰ ঘটনা সংঘটিত হৈছে । এই বিষয়ে সদৰী কৰিছে জিআৰএফৰ ভাৰপ্ৰাপ্ত বিষয়াই ।

New Delhi-Sealdah Rajdhani Express
উত্তৰ প্ৰদেশত ৰেলত মহিলা সহযাত্ৰীক উৎপীড়ন

নেশ্য়নেল ডেস্ক, ৩ছেপ্টেম্বৰ:ৰে'লত পুৰুষ সহযাত্ৰীৰ দ্বাৰা মহিলা যাত্ৰীক বিভিন্ন ধৰণে উৎপীড়ন কৰাৰ ঘটনা প্ৰায়েই সংঘটিত হৈ আহিছে(molesting copassenger on train in UP Chandauli)। এনে ধৰণৰ অভিযোগ উত্থাপিত হোৱাৰ মাজতেই নতুন দিল্লী-শিয়ালদাহ ৰাজধানী এক্সপ্ৰেছত(New Delhi Sealdah Rajdhani Express)সংঘটিত এক উৎপীড়নৰ ঘটনা পোহৰলৈ আহিছে ।

উল্লেখ্য় যে ১২৩১৪ নম্বৰৰ নতুন দিল্লী-শিয়ালদাহ ৰাজধানী এক্সপ্ৰেছত(molesting case in Rajdhani Express)এজন নিচাগ্ৰস্ত পুৰুষ সহযাত্ৰীৰ দ্বাৰা এগৰাকী মহিলা যাত্ৰীক উৎপীড়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে । ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে ৰে'লখন কানপুৰ ষ্টেচনৰ পৰা যোৱাৰ সময়তেই অভিযুক্তজনে তেওঁক উৎপীড়ন কৰিবলৈ আৰম্ভ কৰিছিল । তাৰ পিছত পীড়িত মহিলাগৰাকীয়ে কৰ্তব্যৰত ৰে'লকৰ্মচাৰীজনক তেওঁৰ বিষয়ে অৱগত কৰিছিল । যেতিয়া ৰে'লখন দীনদয়াল উপাধ্যায় ষ্টেচনত(Deen Dayal Upadhyaya Railway Station)উপস্থিত হৈছিল তেতিয়া চৰকাৰী ৰে'ল আৰক্ষী(Government Railway Police)আৰু ৰে'ল সুৰক্ষা বাহিনীৰ(railway protection force)জোৱানসকলে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে । মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰপিএফ জোৱানে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।

ভুক্তভোগীগৰাকীয়ে তেওঁৰ এই ঘটনাৰ বিষয়ে উল্লেখ কৰি কয় যে তেওঁ শুক্ৰবাৰে ৰে'লখনৰ কোচ নম্বৰ বি-১ ত যাত্ৰা কৰিলছিল । যেতিয়া ৰে'লখনে কানপুৰ ষ্টেচনৰ(Kanpur rail station)পৰা ওলাই গৈছিল তেতিয়া অনিল আচাৰ্য নামৰ এজন লোক একেটা কম্পাৰ্টমেণ্টত ১২ নম্বৰ বাৰ্থত বহি আছিল । এই লোকজনে সুৰাৰ নিচাত তেওঁক উৎপীড়ন কৰা বুলি উল্লেখ কৰি কয়,'মই তেতিয়া ঘটনাটোৰ বিষয়ে এজন কৰ্তব্য়ৰত ৰে'ল কৰ্মচাৰীৰ ওচৰত অভিযোগ কৰিছিলো ।'

আনহাতে, জিআৰএফৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেশ কুমাৰ সিঙে(GRF in charge Suresh Kumar Singh)উক্ত ঘটনা সন্দৰ্ভত কয়,'ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত অনিল আচাৰ্যক ৰে'ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে(Case registered against accused)। যেতিয়া ৰে'লখন দীনদয়াল উপাধ্যায় ষ্টেচনত উপস্থিত হৈছিল আমি ভুক্তভোগীগৰাকীক ঘটনাটোৰ বিষয়ে সোধা-পোছা কৰিছিলো ।' ইয়াৰ পিছতেই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা বুলি জিআৰএফৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয় ।

লগতে পঢ়ক:পাটনাত মাওবাদী নেতাৰ কেইবাটাও স্থানত NIA ৰ অভিযান

ABOUT THE AUTHOR

...view details