নেশ্যনেল ডেস্ক,২ মে':বিহাৰৰ বৈশালী জিলাত দলবদ্ধ ধৰ্ষণৰ ঘটনা (Gang rape in Bihar)। এগৰাকী নাবালিকাক ৫ যুৱকৰ দলবদ্ধ ধৰ্ষণ । জানিব পৰা মতে দুৰ্বৃত্তকেইটাই কিশোৰীগৰাকীক বাগিচালৈ লৈ গৈ তাত ধৰ্ষণ কৰে । ধৰ্ষণ কৰি কিশোৰীগৰাকীক কীটনাশক দ্ৰব্য খুৱাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ঘটনাটো পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে । অৱশ্যে, কিশোৰীগৰাকী এতিয়াও সচেতন হৈ আছে । আৰক্ষীয়ে কিশোৰীগৰাকী সচেতন হোৱালৈ অপেক্ষা কৰি আছে ।
আৰক্ষী সূত্ৰই জনোৱা মতে নিশা কিশোৰীগৰাকী বাথৰুমলৈ গৈছিল । তেতিয়াই সেই স্থানত ৰৈ থকা দুৰ্বৃত্ত কেইটাই কিশোৰীগৰাকীক অচেতন কৰি বাগিচালৈ লৈ যায় । তাৰ পাছতে দুৰ্বৃত্তকেইটাই কিশোৰীগৰাকীক ধৰ্ষণ কৰি কীটনাশক দ্ৰব্য খুৱাই হত্যাৰ চেষ্টা কৰে (Vaishali rape case)। কিন্তু কিশোৰীগৰাকী ঘৰত নথকাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে । কিশোৰীগৰাকী আইতাকৰ লগত থাকে ।
আনহাতে তেওঁৰ পিতৃ-মাতৃ পাটনাত থাকে । খবৰ পোৱাৰ পাছতে পিতৃ-মাতৃয়ে গাঁৱৰ ঘৰত উপস্থিত হয় । পাছত কিশোৰীগৰাকীক উদ্ধাৰ কৰা হয় আৰু চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় ।