অসম

assam

ETV Bharat / bharat

Mohammad Azharuddin father passes away: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনৰ পিতৃৰ দেহাৱসান

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনৰ পিতৃ মহম্মদ ইউছুফৰ দেহাৱসান(Mohammad Azharuddin father passes away) । দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে মৃত্যু হয় প্ৰখ্যাত ক্ৰিকেটাৰগৰাকীৰ পিতৃৰ ।

mohammad azharuddin father mohammad yusuf died
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনৰ পিতৃৰ দেহাৱসান

By

Published : Oct 19, 2022, 10:36 AM IST

নেশ্যনেল ডেস্ক,১৯ অক্টোবৰ: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা হায়দৰাবাদ ক্ৰিকেট এছ'চিয়েশ্যনৰ (Hyderabad Cricket Association) সভাপতি মহম্মদ আজহাৰুদ্দিনৰ পিতৃ মহম্মদ ইউচুফৰ অসুস্থতাৰ ফলত মৃত্যু হয়(Mohammad Azharuddin father passes away) । হাঁওফাঁওৰ সমস্যাত ভোগা প্ৰখ্যাত ক্ৰিকেটাৰগৰাকীৰ পিতৃ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । স্বাস্থ্যজনিত সমস্যাৰ বাবেই মঙলবাৰে নিশা তেওঁৰ মৃত্যু হয় বুলি চিকিৎসকে জানিবলৈ দিয়ে(Mohammad Yusuf died due to illness) । বুধবাৰে বানজাৰা হিলচত প্ৰাৰ্থনাৰ পিছত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ'ব বুলি সদৰী কৰে পৰিয়ালৰ লোকে ।

উল্লেখযোগ্য যে মহম্মদ আজহাৰুদ্দিন এজন সফল অধিনায়ক হিচাপে খ্যাতি লাভ কৰাৰ উপৰিও ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ আছিল(Former captain of the Indian cricket team) । তেওঁ টেষ্ট মেচত ২২ টা শতক অৰ্জন কৰাৰ লগতে এদিনীয়াত ৭ টা শতক লাভ কৰে(Former Indian cricketer Mohammad Azharuddin) । তেওঁক সেই সময়ৰ এজন শ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে গণ্য কৰা হৈছিল । ইফালে ৰাজনীতিতো প্ৰৱেশ কৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে । ২০০৯ চনত তেওঁ মোৰাদাবাদৰ পৰা কংগ্ৰেছৰ টিকটত সাংসদ নিৰ্বাচিত হৈছিল ।

মহম্মদ আজহাৰুদ্দিনৰ বিৰুদ্ধে ২০২০ চনত মেচ ফিক্সিঙৰ অভিযোগ উত্থাপিত হৈছিল(Allegations of match-fixing in 2020) । সেই সময়ত, তেওঁক আজীৱন নিষিদ্ধ কৰা হৈছিল, কিন্তু ১২ বছৰ আদালতত যুঁজ দিয়াৰ পিছত আইনী যুঁজত অৱশেষত জয়ী হৈছিল । আদালতে ২০১২ চনত তেওঁৰ ওপৰত থকা আজীৱন নিষেধাজ্ঞা উঠাই লৈছিল ।

হায়দৰাবাদ ক্ৰিকেট এছ'চিয়েশ্যনৰ (Hyderabad Cricket Association) সভাপতি হিচাপেও মহম্মদ আজহাৰুদ্দিন(HCA President Mohammad Azharuddin) বিবাদত সোমাই পৰিছে । উপ্পল ষ্টেডিয়ামে(Uppal Stadium) শেহতীয়াকৈ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এখন টি-২০ খেল আয়োজন কৰিছিল । সেইখন খেলত টিকট বিক্ৰীক লৈ যথেষ্ট হুলস্থুল সৈতে । সেই ক্ষেত্ৰতো মহম্মদ আজহাৰুদ্দিন আকৌ এবাৰ সমালোচনালৈ আহিছিল ।

লগতে পঢ়ক:Jayalalitha death inquiry : জয়াললিতাৰ মৃত্যুমৃ ত্যুৰ তদন্তকাৰী আয়োগৰ প্ৰতিবেদন প্ৰকাশ

ABOUT THE AUTHOR

...view details