নেশ্যনেল ডেস্ক,৫ মে': জম্মুৰ উধামপুৰৰ কোট ভালৱাল কাৰাগাৰত কৰাৰুদ্ধ হৈ থকা তেহৰিক-ই-হুৰিয়তৰ অধ্যক্ষ মহম্মদ আশ্ৰফ চেহৰাইৰ বুধবাৰে দেহাৱসান ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ । শাৰীৰিক অসুস্থতাৰ বাবে মঙলবাৰে তেওঁক কাৰাগাৰৰ পৰা জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল । বিগত বৰ্ষৰ জুলাই মাহৰ পৰা তেওঁ কাৰাবাস খাটি আছিল ।
ৰাজহুৱা সুৰক্ষা আইনৰ অধীনত নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ কৰি তেওঁক শ্ৰীনগৰস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । পৰিয়ালে জনোৱা মতে, মহম্মদ আশ্ৰফ চেহৰাইৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে বুধবাৰে তেওঁলোকক অৱগত কৰা হৈছিল ৷ লগতে জম্মুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জনোৱা হৈছিল আৰু পৰিয়ালৰ লোকক জম্মুলৈ আহিবলৈ কোৱা হৈছিল । পৰিয়ালটোৱে লগতে অভিযোগ উত্থাপন কৰে যে, যোৱা কেইসপ্তাহমান ধৰি চেহৰাই অসুস্থ হৈ আছিল । তথাপিও প্ৰশাসনে তেওঁক কাৰাগাৰতে বন্দী কৰি ৰাখিছিল ।