নিউজ ডেস্ক, 7 মে’: কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ দুটা দিন ৷ অৰ্থাৎ 10 মে’ত ৰাজ্যখনত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ যাৰ বাবে বিজেপিয়ে ব্যাপক হাৰত অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান, ৰ’ড শ্ব ৷ ৰ’ড শ্বত খোদ অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Modi roadshow in Karnataka) ৷
দেওবাৰেও বেংগালুৰুৰ এক ৰেলীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু নিৰ্ধানৰ দূৰত্ব আৰু সময়ৰ পূৰ্বেই এই ৰেলী সামৰণি মাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, দেওবাৰে দেশজুৰি অনুষ্ঠিত হৈ যায় NEET পৰীক্ষা (NEET exam 2023) ৷ বিয়লি 2 বজাৰ পৰা অনুষ্ঠিত হয় এই পৰীক্ষা ৷ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে যাতে প্ৰধানমন্ত্ৰীৰ ৰেলীৰ বাবে কোনো অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে নিৰ্ধাৰিত সময় আৰু নিৰ্ধাৰিত দূৰত্বৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰেলী সমাপ্ত কৰে ৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এই ৰেলী দীঘলীয়া হ’লহেঁতেন ৷ কিন্তু NEET পৰীক্ষাৰ বাবে ৰেলী সময়ৰ পূৰ্বে সামৰিলোঁ ৷ মই পুৱাৰ ভাগতেই ৰেলী আয়োজন কৰিবলৈ কৈছিলোঁ আৰু ৰেলীৰ দূৰত্ব হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছিলো ৷ যাতে পৰীক্ষাৰ বাবে অহা ছাত্ৰী-ছাত্ৰীয়ে অসুবিধাত নপৰে (PM Modi in Bengaluru) ৷’’