নেশ্যনেল ডেস্ক, 25 মে’:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ মে'ত হায়দৰাবাদৰ গাচিবাউলীত আয়োজিত হ’ব লগা ইণ্ডিয়ান স্কুল অৱ বিজনেছ (ISB)ৰ ২০ সংখ্যক বাৰ্ষিক দিৱস তথা স্নাতক সমাৰোহত অংশগ্ৰহণ কৰিব (Modi will attend ISB event in Hyderabad) ৷ কাৰ্যসূচীত ভাগ লবলৈ অহা মোদীক তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰে আদৰণি নজনোৱাৰ লগতে সেই অনুষ্ঠানত ভাগ নোলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে (CM KCR will not receive the PM)৷ সেই দিনটোতে তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকী উৰা মাৰিব বাংগালোৰলৈ । অৱশ্যে হায়দৰাবাদত অনুষ্ঠিত হ‘ব লগা আইএছবিৰ এই অনুষ্ঠানত ভাগ ল’ব লগা দেশৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেলেংগানা চৰকাৰে প্ৰেৰণ কৰিব এগৰাকী মন্ত্ৰী ।
"আইএছবিৰ ২০ সংখ্যক বাৰ্ষিক দিৱস উদযাপনৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব আৰু এই লৈ আমি গৌৰৱান্নিত । অহা ২৬ মে'ত হ’বলগীয়া ২০২২ বৰ্ষৰ স্নাতকোত্তৰ কাৰ্যসূচীৰ স্নাতক সমাৰোহত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব আৰু আইএছবিৰ হায়দৰাবাদ আৰু মোহালি কেম্পাচৰ শিক্ষাৰ্থীসকলক সম্বোধন কৰিব," ইণ্ডিয়ান স্কুল অৱ বিজনেছৰ ডিন অধ্যাপক মদন পিল্লুটলাই সোমবাৰে এক বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰে (PM visit to ISB event in Hyderabad) ।