অসম

assam

SCO সন্মিলনত ভাৰতৰ প্ৰতিনিধি দলক নেতৃত্ব দিব প্ৰধানমন্ত্ৰী মোডীয়ে

By

Published : Sep 15, 2021, 5:25 PM IST

১৭ ছেপ্টেম্বৰত হাইব্ৰীড ফৰ্মেটত তাজাখিস্তানৰ দুশানবেত অনুষ্ঠিত হ'ব SCO সন্মিলন । এই সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতে । ভাৰতৰ প্ৰতিনিধি দলক নেতৃত্ব দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(Narendra Modi) ।

Modi to virtually lead Indian delegation at SCO summit
SCO সন্মিলনত ভাৰতৰ প্ৰতিনিধি দলক নেতৃত্ব দিব প্ৰধানমন্ত্ৰী মোডীয়ে

নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ: তাজাখিস্তান(Tajikistan)ৰ দুশানবেত অনুষ্ঠিত হ'ব চাংহাই সহযোগিতা সংস্থাৰ (Shanghai Cooperation Organisation) ৰাষ্ট্ৰপ্ৰধান পৰিষদৰ ২১ সংখ্যক বৈঠক । এই বৈঠকখন হাইব্ৰীড ফৰ্মেট(hybrid format)ত অনুষ্ঠিত হ'ব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বুধবাৰে জনোৱা মতে, ভাৰ্চুৱেল মাধ্যমেৰে এই বৈঠক অনুষ্ঠিত হোৱাৰ লগতে একাংশ প্ৰতিনিধিত বৈঠকখনত শাৰীৰিকভাৱেও উপস্থিত থাকিব । তাজাখিস্তানৰ ৰাষ্ট্ৰপতি ইমোমালি ৰেহমন(Emomali Rahmon)ৰ সভাপতিত্বত বৈঠকখন অনুষ্ঠিত হ'ব ।

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে ভাৰতৰ প্ৰতিনিধি দলক নেতৃত্ব দিব আৰু সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনত বক্তব্য আগবঢ়াব । দুশানবেত ভাৰতক বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰতিনিধিত্ব কৰিব বুলি জানিবলৈ দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ।

সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহৰ নেতা, পৰ্যবেক্ষক ৰাষ্ট্ৰ, এছ চি অ'ৰ মহাসচিব, এছ চি অ' আঞ্চলিক সন্ত্ৰাসবাদ বিৰোধী গাঁথনিৰ কাৰ্যবাহী সঞ্চালক আৰু তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰিব । হাইব্ৰীড ফৰ্মেটত অনুষ্ঠিত হ'বলগীয়া এইখনেই প্ৰথম SCO সন্মিলন । ভাৰতে এই সন্মিলনত সম্পূৰ্ণ সদস্য হিচাপে অংশগ্ৰহণ কৰিব ।

এইবাৰ চাংহাই সহযোগিতা সংস্থাই ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিব । দুশানবেত অনুষ্ঠিত হ'বলগীয়া সন্মিলনখনত নেতাসকলে বিগত দুটা দশকত সংগঠনটোৰ কাৰ্য-কলাপৰ পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যতে সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিব বুলি আশা কৰা হৈছে । এই সন্মিলনত গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়বোৰো আলোচনা কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: দিল্লী আৰক্ষীৰ জালত সন্দেহজনক সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details