নেচনেল ডেস্ক, 6 জানুৱাৰী:ক'ৰণাসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ক্ষেত্ৰত বিৰাজ কৰা অনিশ্চয়তাৰ মাজতে শীৰ্ষ অৰ্থনীতিবিদ তথা ক্ষেত্ৰীয় বিশেষজ্ঞ সকলৰ সৈতে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এক আলোচনাত মিলিত হ'ব ৷ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে আগন্তুক বাজেটত কেনেধৰণৰ পদক্ষেপ সমূহ অন্তৰ্ভুক্ত কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে মোডী অৰ্থনীতিবিদৰ সৈতে আলোচনাত মিলিত হ'ব ৷
চৰকাৰৰ থিংক টেংক নীতি আয়োগৰ দ্বাৰা ভাৰ্চুৱেলি অনুষ্ঠিত হ'ব লগীয়া এই বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰ আৰু নীতি আয়োগৰ চি ই অ' অমিতাভ কান্তে অংশগ্ৰহণ কৰিব ৷
নাম প্ৰকাশত অনিচ্ছুক এগৰাকী চৰকাৰী বিষয়াই বৈঠক খনৰ বিষয়ে উল্লেখ কৰি কয় যে, "আগন্তুক বাজেটৰ বাবে ইনপুট বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰ্থনীতিবিদ সকলক লগ কৰিব ৷"