নেশ্যনেল ডেস্ক,১২ মাৰ্চ :এই বছৰতে দক্ষিণ ভাৰতৰ দুখন ৰাজ্য ক্ৰমে কৰ্ণাটক আৰু তেলেংগানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব (Assembly election in 2023)। কৰ্ণাটকত অহা মে' মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব যদিও তেলেংগানাৰ নিৰ্বাচনৰ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে (Karnataka election 2023)। দক্ষিণ ভাৰতৰ এই দুয়োখন ৰাজ্যৰ ওপৰত এতিয়া দৃষ্টি ৰাখিছে বিজেপিয়ে । যিকোনো প্ৰকাৰে কৰ্ণাটকৰ লগতে তেলেংগানাতো বিজেপি চৰকাৰ গঠন কৰাৰ বাবে ৰণনীতি প্ৰস্তুত কৰিছে ।
ইয়াৰ অংশস্বৰপে দেওবাৰে কৰ্ণাটকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi Karnataka visits) আৰু তেলেংগানালৈ গৃহ মন্ত্ৰী অমিত শ্বাহ ৰাওনা হ'ব (Amit Shah Telangana tour)। দুয়োগৰাকী নেতাই দুয়োখন নিৰ্বাচনমুখী ৰাজ্যৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । যাক লৈ কৰ্ণাটক আৰু তেলেংগানা বিজেপিয়ে ব্যাপক প্ৰস্তুতি চলাইছে । এই ভ্ৰমণক লৈ ৰাজ্যিক বিজেপিৰ নেতা-কৰ্মীসকলো যথেষ্ট উৎসাহিত হৈ আছে (Modi and Shah bound for south ahead polls)।
ৰাজনৈতিক বিশ্লেষকসকলে কোৱা মতে দক্ষিণমুখী মোডী-শ্বাহে নিশ্চিতভাৱে শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলত আৰু যোৱা বছৰ গুজৰাটত তেওঁলোকৰ দলে অৰ্জন কৰা নিৰ্বাচনী লাভৰ পুনৰাবৃত্তি কৰাৰ লক্ষ্য আগত ৰাখিছে । কৰ্ণাটক আৰু তেলেংগানা দুয়োখন ৰাজ্যতে এই বছৰৰ নিৰ্বাচনত গেৰুৱা ব্ৰিগেডৰ বাবে এক কঠিন পৰীক্ষা হ'ব । ভাৰত জোড়ো যাত্ৰাৰ পাছত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ নেতা-কৰ্মীসকলে দক্ষিণৰ দুয়োখন ৰাজ্যত বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই দিয়াৰ বাবে এক নতুন উৎসাহেৰে কাম কৰিছে ।