অসম

assam

ETV Bharat / bharat

পেহীৰ ভূমিকাত নিজক সীমাবদ্ধ কৰি মমতাই Nopotism কৰিছে: মোডী - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

মমতা বেনাৰ্জীক তীব্ৰ ভাষাৰে সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ ৰাজ্যখনৰ জনসাধাৰণক মমতাই বিশ্বাসঘাটকতা কৰাৰ অভিযোগ মোডীৰ ৷ মমতাৰ দলে লোকতন্ত্ৰক লুটতন্ত্ৰলৈ পৰিৱৰ্তন কৰা বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ ৷

Modi scalds Mamata, says instead of being 'Didi' to people she chose to be 'bua' to 'bhatija'
Modi scalds Mamata, says instead of being 'Didi' to people she chose to be 'bua' to 'bhatija'

By

Published : Mar 7, 2021, 11:01 PM IST

নেচনেল ডেস্ক, 7 মাৰ্চ:দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ ভাষাৰে সমালোচনা কৰি ৰাজ্যখনৰ জনসাধাৰণক মমতাই বিশ্বাসঘাটকতা কৰাৰ লগতে অপমান কৰাৰ অভিযোগ উত্থাপন কৰে ৷ মমতাই ৰাইজৰ বাইদেউৰ ভূমিকা পালনৰ কথা পাহৰি ভতিজা সকলৰ বাবে পেহীৰ ভূমিকাত নিজক সীমাবদ্ধ কৰি Nopotism কৰা বুলিও কটাক্ষ কৰে ৷

মমতাৰ দলে লোকতন্ত্ৰক লুটতন্ত্ৰলৈ পৰিৱৰ্তন কৰা বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ

ব্ৰিগেড পেৰেড গ্ৰাউন্ডত এক বৃহৎ ৰেলী সম্বোধন কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কটাক্ষ কৰি মোডীয়ে কয় যে, "আপুনি বংগৰ লোকসকলক বিশ্বাসঘাটকতা আৰু অপমান কৰিছে ৷ বাঁও শাসন শেষ হোৱাৰ পাছত আপুনি পৰিৱৰ্তন আনিব বুলি ৰাইজে আশা কৰিছিল কিন্তু আপুনি ৰাইজৰ আশা আৰু সপোনত চেঁচাপানী ধালিলে ৷ "

মৰমেৰে বাইদেউ বুলি সম্বোধন কৰা ৰাইজক অৱজ্ঞা কৰি ভতিজা সকলৰ বাবে পেহীৰ ভূমিকা পালন কৰা বুলি অভিযোগ কৰি মোডীয়ে বেনাৰ্জীয়ে Nepotism ৰ প্ৰচাৰ কৰিছে বুলি অভিযোগ কৰে ৷ মোডীয়ে লগতে এইবুলিও কয় যে তেঁও পশ্চিমবংগত প্ৰকৃত পৰিৱৰ্তন অনাৰ বাবে দায়িত্ব ল'ব ৷ মমতাৰ দলে লোকতন্ত্ৰক লুটতন্ত্ৰলৈ পৰিৱৰ্তন কৰি গণতন্ত্ৰক ভৰিৰে মোহৰা বুলি অভিযোগ কৰাৰ লগতে মোডীয়ে এইবুলিও কয় যে, দিদিয়ে সৃষ্টি কৰা বোকাৰ বাবেই পশ্চিমবংগত এতিয়া পদুম ফুলিব ৷

লগতে পঢ়ক:মিথুন চক্ৰৱৰ্তীক সাক্ষাৎ কৈলাশ বিজয়বৰ্গীয়াৰ

ABOUT THE AUTHOR

...view details