অসম

assam

ETV Bharat / bharat

কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি জনাবলৈ লক্ষ্ণৌত উপস্থিত প্ৰধানমন্ত্ৰী - কল্যাণ সিঙৰ দেহাৱসান

শনিবাৰে নিশা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙে (Kalyan Sing) ৷ কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্য লক্ষ্ণৌলৈ ৰাওনা প্ৰধানমন্ত্ৰীৰ লগতে বহুকেইগৰাকী আৰ এছ এছ (RSS) নেতা ৷

Modi to pay tributes to Kalyan Singh
কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ লক্ষ্ণৌত উপস্থিত প্ৰধানমন্ত্ৰী

By

Published : Aug 22, 2021, 11:08 AM IST

নেশ্যনেল ডেস্ক, 22 আগষ্ট : সদ্য প্ৰয়াত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙক (Kalyan Sing) শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে লক্ষ্ণৌলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰীয়ে দেওবাৰে পুৱা 9.30 মিনিটত লক্ষ্ণৌত উপস্থিত হয় ৷ এই কথা জানিবলৈ দিছে লক্ষ্ণৌৰ আৰক্ষী অধীক্ষক ডি কে ঠাকুৰে ৷

লক্ষ্ণৌত উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰীয়ে পোনে পোনে প্ৰাক্তন নেতাগৰাকীৰ বাসগৃহলৈ ৰাওনা হয় ৷ কল্যাণ সিঙৰ মল এভিনিউ বাসগৃহতে তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ব্যৱস্থা কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীৰ উপৰিও কেইবাগৰাকীও আৰ এছ এছ (RSS) ৰ নেতা কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে লক্ষ্ণৌত উপস্থিত হৈছে ৷

উল্লেখ্য যে, শনিবাৰে নিশা সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল চায়েঞ্চ (SGPGIMS)ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিজেপি নেতাগৰাকীয়ে ৷ বিগত 4 জুলাইৰ পৰা বিভিন্ন অংগ বিকল হোৱাৰ ফলত চিকিৎসায়লখনে ভৰ্তি হৈ আছিল বিজেপি নেতাগৰাকী ৷

কল্যাণ সিং দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল ৷ তেওঁ 1991 চনৰ জুনৰ পৰা 1992 চনৰ ডিচেম্বৰলৈ আৰু 1997 চনৰ ছেপ্তেম্বৰৰ পৰা 1999 চনৰ নৱেম্বৰলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

লগতে পঢ়ক :কি পৰিস্থিতিত বিজেপি ত্যাগ কৰিছিল কল্যাণ সিঙে?

ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে কৰা আন্দোলনৰ নেতৃত্ব দিয়া নেতাসকলৰ মাজৰ এজন আগশাৰীৰ নেতা হিচাপে গণ্য কৰা হয় উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙক । কল্যাণ সিং উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা সময়তে ১৯৯২ চনৰ ৬ ডিচেম্বৰত পবিত্ৰ চহৰ অযোধ্যাত হাজাৰ হাজাৰ 'কৰ সেৱক' সমবেত হৈছিল ।

এই ঘটনাৰ পাছতে তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰে । অৱশ্যে, তেওঁ কেতিয়াও ঘটনাটোৰ বাবে অনুশোচনা কৰা নাছিল ৷ বৰং গৌৰৱ অনুভৱ কৰিছিল । বৰঞ্চ এই ঘটনাই তেওঁক ভগৱান ৰামৰ একান্ত ভক্ত আৰু ৰাম মন্দিৰ আন্দোলনৰ "নায়ক"ত পৰিণত কৰিছিল ।

এসময়ত উত্তৰ প্ৰদেশত ভাৰতীয় জনতা পাৰ্টী (Bharatiya Janata Party) প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ বাবে জনাজাত আছিল । কিন্তু ১৯৯৯ চনত এনে এক সংকট আহিছিল, যাৰ পৰিণতিত কেইটামান ঘটনাক লৈ বিবাদ আৰম্ভ হৈছিল । পৰিণতিস্বৰূপে কল্যাণ সিঙে গেৰুৱা দল ত্যাগ কৰিবলৈ বাধ্য হৈছিল ।

২০১২ চনত কল্যাণ সিং নেতৃত্বাধীন জন ক্ৰান্তি পাৰ্টীয়ে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু বিজেপিক দলটোৱে শক্তিশালী প্ৰতিদ্বন্দ্বী হোৱাৰ স্পষ্ট ইংগিত দিছিল । কল্যাণে সিঙে দল ত্যাগ কৰাৰ পাছত বিজেপিৰ বাবে এয়াক একপ্ৰকাৰৰ ডাঙৰ আঘাত আছিল ।

জ্যেষ্ঠ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষক পি এন দ্বিবেদীয়ে কয় যে, ২০১২ চনৰ বিধানসভা নিৰ্বাচনত কল্যাণ সিং আৰু ভাৰতীয় জনতা পাৰ্টী দুয়োৰে সমীকৰণ ভুল প্ৰমাণিত হৈছিল । তেওঁ লগতে কয় যে, কল্যাণ সিঙে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰে ।

লগতে পঢ়ক :কল্যাণ সিং আৰু বাবৰি মছজিদ ধ্বংসৰ এক কাহিনী

ABOUT THE AUTHOR

...view details