নিউজ ডেস্ক, ৩০ ডিচেম্বৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুনৰ উন্নীতকৃত অযোধ্যা ৰে’লৱে ষ্টেচন উদ্বোধন কৰি দুখন অমৃত ভাৰত আৰু ছখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰে ৷ ৰে’লকেইখন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদী, ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱ আৰু মুখ্যমন্ত্রী যোগী আদিত্যনাথে এখন সজ্জিত অমৃত ভাৰত এক্সপ্রেছত উঠি যাত্ৰীসকলৰ বাবে উপলব্ধ বৈশিষ্ট্য আৰু সুবিধাসমূহ পৰীক্ষণ কৰে ৷ ৰে’লমন্ত্ৰী বৈষ্ণৱে প্ৰধানমন্ত্ৰীক ষ্টেচনটোৰ বিষয়ে অৱগত কৰে । অমৃত ভাৰতৰ কেইজনমান স্বেচ্ছাসেৱকৰ সৈতে তেওঁক মত বিনিময় কৰা ছবি দেখা গৈছিল ।
ইয়াৰ পাচতেই প্ৰধানমন্ত্ৰীয়ে মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নামেৰে নামাংকৰণ কৰা অযোধ্যা বিমানবন্দৰটোও উদ্বোধন কৰে । ইয়াৰ উপৰিও তেওঁ এখন জনসভাত অংশগ্ৰহণ কৰি উত্তৰ প্ৰদেশৰ বাবে ১৫,৭০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব । ইয়াত অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰায় ১১,১০০ কোটি টকাৰ প্ৰকল্প আৰু সমগ্ৰ উত্তৰ প্ৰদেশৰ অন্যান্য কামৰ সৈতে জড়িত প্ৰায় ৪,৬০০ কোটি টকাৰ প্ৰকল্প আছে ।
প্ৰধানমন্ত্ৰী মোদী অযোধ্যাত অৱতৰণ কৰাৰ পাচত বিমানবন্দৰৰ পৰা এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰি ৰে’ল ষ্টেচনত উপস্থিত হয় ৷ এই ৰোড শ্ব’ৰ সময়ত পথৰ কাষত সমবেত হোৱা বৃহৎ সংখ্যক লোকে তেওঁক আদৰণি জনায় ৷ প্ৰধানমন্ত্ৰীয়েও নিজৰ বাহনৰ দুৱাৰখন খুলি জনতাক হাত জোকাৰি সম্ভাষণ জনায় ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে পথৰ কাষৰ সাংস্কৃতিক দলৰ অনুষ্ঠানৰো সাক্ষী হয় ।