নেশ্যনেল ডেস্ক, ২৪ ছেপ্টেম্বৰ :ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণৰ বাবে আমেৰিকাত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু জাপানক লৈ গঠিত কোৱাড নেতাসকলৰ প্ৰথমখন শাৰীৰিক সন্মিলনতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । কিন্তু ইয়াৰ মাজতে যুক্তৰাষ্ট্ৰৰ শীৰ্ষ কৰ্পোৰেটৰসকলৰ সৈতে আলোচনাত মিলিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী ।
যুক্তৰাষ্ট্ৰৰ শীৰ্ষ কৰ্পোৰেটৰসকলে ভাৰতত অধিক বিনিয়োগ, গৱেষণা আৰু বিকাশৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । চৰকাৰী সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে বিশ্বৰ সৰ্ববৃহৎ ম'বাইল ডিভাইচ চিপমেকাৰ কোৱালকমৰ (Qualcomm) মুখ্য কাৰ্যবাহী বিষয়া ক্ৰিষ্টিয়ানো আমনক সাক্ষাৎ কৰে । কোম্পানীটোৰ ভাৰতত বিশাল আধিপত্য আছে লগতে ইয়াত গৱেষণা আৰু উন্নয়নত জড়িত কোম্পানীটো ।
কোৱালকমৰ মুখ্য কাৰ্যবাহী বিষয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্বৰ সৰ্ববৃহৎ ফটো আৰু ভিডিঅ' সম্পাদনা ছফ্টৱেৰ কোম্পানী ‘এডোব’ৰ (Adobe) ভাৰতীয় মূলৰ মুখ্য কাৰ্যবাহী বিষয়া শান্তনু নাৰায়ণকো সাক্ষাৎ কৰে । বৈঠকত প্ৰধানমন্ত্ৰীয়ে ফাৰ্ষ্ট চোলাৰৰ (First Solar) মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক ৱিডমাৰকো সাক্ষাৎ কৰে ।
প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা বৈঠকত কোৱালকমৰ (Qualcomm) মুখ্য কাৰ্যবাহী বিষয়া আমনে ভাৰতৰ উচ্চাকাংক্ষী ডিজিটেল কাৰ্যসূচী যেনে ৫জি টেলিকম সেৱা, প্ৰধানমন্ত্ৰী ৱানী আঁচনি আৰু আন ক্ষেত্ৰতো কাম কৰিবলৈ ইচ্ছা ব্যক্ত কৰে । প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা বাৰ্তালাপত আমনে ভাৰতত উপলব্ধ সুবিধাৰ বিষয়ে উল্লেখ কৰি কয় যে, কোম্পানীটোৱে কেৱল ভাৰতক এখন ডাঙৰ বজাৰ হিচাপেই নহয়, এক বিশাল ৰপ্তানিৰ বজাৰ হিচাপেও বিবেচনা কৰে ।