নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ :চলিত বছৰতে দেশৰ ৫ খন ৰাজ্যত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন । তাৰ ভিতৰত অন্যতম মধ্যপ্ৰদেশ । ইতিমধ্যে ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী ৰণনীতি আৰম্ভ কৰিছে । বিশেষকৈ বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে বিশেষ তৎপৰতা লৈছে । তাৰ অংশস্বৰূপে নিৰ্বাচনমুখী ৰাজ্যখনলৈ শীৰ্ষ নেতাসকলৰ আগমনো দেখা গৈছে । সোমবাৰে 'কৰ্মকৰ্তা মহাকুম্ভ' শীৰ্ষক অনুষ্ঠান সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ এবাৰ বিৰোধী কংগ্ৰেছক আক্ৰমণ কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে বিৰোধী কংগ্ৰেছক 'নেতিবাচকতাৰ ভাইৰাছ' বিয়পোৱা বুলি অভিযোগ কৰে ।
তেওঁ কৰ্মকৰ্তাসকলক সম্বোধন কৰি প্ৰশ্ন কৰে কংগ্ৰেছে তেওঁলোকৰ বাবে কি কৰিছিল । দলটোৰ অসফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো ধৰণৰ উন্নয়ন হোৱা নাই, জীৱিকাৰ অভাৱৰ বাবে দৰিদ্ৰতা আৰু যুৱক-যুৱতীসকল হতাশাত আৱদ্ধ হৈ আছে বুলিও তেওঁ অভিযোগ কৰে ।
তেওঁ কংগ্ৰেছক দেউলীয়া আৰু মামৰে ধৰা লো বুলি উল্লেখ কৰে । ইয়াতকৈও গুৰুতৰ অভিযোগ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীৰ মতে একাংশ চহৰৰ মাওবাদীয়ে এতিয়া দলটো চলাই আছে । ইয়াৰ বিপৰীতে, বিজেপি চৰকাৰে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে আন্তৰিকতাৰে কাম কৰিছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে ।