চিটাৰা ডেস্ক, 25 এপ্ৰিল:ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ দেওবাৰে আগবঢ়োৱা হয় কোকিলকণ্ঠী গায়িকা ভাৰতৰত্ন লতা মংগেশকাৰৰ স্মৃতিত প্ৰথমবাৰলৈ প্ৰদান কৰা লতা দীননাথ মংগেশকাৰ বঁটা(Lata Deenanath Mangeshkar Award)। বঁটা লাভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটা দেশবাসীৰ নামত উৎসৰ্গা কৰে ৷ প্ৰধানমন্ত্ৰীয়ে লতা দিদিৰ কৰ্মৰাজি দেশবাসীৰ বাবেই উৎসৰ্গিত আছিল বুলি উল্লেখ কৰি তেওঁৰ বঁটাটো দেশবাসীৰ নামত উৎসৰ্গা কৰে ৷
মুম্বাইৰ মাতুঙ্গাৰ শান্তমুখানন্দ থিয়েটাৰত দেওবাৰে সন্ধিয়া অনুষ্ঠিত হৈছিল মাষ্টাৰ দীননাথ মংগেশকাৰ স্মাৰক সমাৰোহ । এই অনুষ্ঠানটোত প্ৰথমবাৰৰ বাবে লতা মংগেশকাৰ স্মৃতিত প্ৰদান কৰা হৈছিল এই বঁটা । প্ৰধানমন্ত্ৰী মোদীক দেশৰ প্ৰতি নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহাৰ বাবে লতা মংগেশকাৰ বঁটাৰে সন্মানিত কৰা হয় । অনুষ্ঠানটোৰ বাবে দেওবাৰে কাশ্মীৰৰ পৰা পোনে পোনে আহি মুম্বাইত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোডী ।
লতা মংগেশকাৰ বঁটা ১১ এপ্ৰিলত ঘোষণা কৰা হৈছিল । মাষ্টাৰ দীননাথ মংগেশকাৰ স্মৃতি প্ৰতিষ্ঠান চেৰিটেবল ট্ৰাষ্টে(Master Deenanath Mangeshkar Smruti Pratishthan Charitable Trust) হৈ এক বিবৃতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীলৈ লতা মংগেশকাৰৰ স্মৃতিত প্ৰদান কৰা প্ৰথমটো বঁটাটো আগবঢ়োৱাৰ কথা ঘোষণা কৰা হয় । ট্ৰাষ্টে কৈছিল যে আমাৰ দেশ, ইয়াৰ জনসাধাৰণ আৰু সমাজলৈ অগ্ৰণী, পথপ্ৰদৰ্শক, দৰ্শনীয় আৰু অনুকৰণীয় অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হ'ব ।
এই বঁটা গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰসংগত কয় যে, তেওঁ সংগীতৰ দৰে গভীৰ কলাৰ বিষয়ে অৱগত নহয় । মোদীয়ে লগতে কয় যে, "সাংস্কৃতিকভাৱে, মই অনুভৱ কৰোঁ যে সংগীত হৈছে এক অনুশীলন আৰু এক অনুভৱ । সুপ্ত হৈ থকা শব্দবোৰ প্ৰকাশ কৰাৰ ই এক মাধ্যম । সংগীতে মানৱ চেতনাক আৱেগেৰে ভৰাই তোলে । আপুনি নিথৰ হৈ বহি থকা অৱস্থাতো সংগীতৰ সুৰে আপোনাক আৱেগিক কৰি তুলিব পাৰে ।