নেশ্যনেল ডেস্ক,৯ মাৰ্চ: উত্তৰ-পূৰ্বাঞ্চলক সমগ্ৰ দক্ষিণ-পূৱ এছিয়াৰ বাবে বাণিজ্য কৰিডৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে ফেণী নদীৰ ওপৰত নিৰ্মাণ কৰা মৈত্ৰী সেঁতু মঙলবাৰে উদ্বোধন কৰা হয় । বহু প্ৰতীক্ষিত মৈত্ৰী সেঁতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰ্চুৱেল মাধ্যমেৰে উদ্বোধন কৰে । ত্ৰিপুৰাৰ ছবৰুম আৰু বাংলাদেশৰ ৰামগড়ক সংযোগ কৰা এই দলংখনৰ দৈৰ্ঘ্য ১.৯ কিঃমিঃ আৰু কেইমাহমান পূৰ্বে ১৩৩ কোটি টকা ব্যয় সাপেক্ষে এই দলংখন নিৰ্মাণ কৰা হয় ।
যোৱা জানুৱাৰী মাহত নিৰ্মাণকাৰী সংস্থাই দলংখনৰ দায়িত্ব এনএইচডিচিএল-ক অৰ্পণ কৰে । ২০১৮ চনৰ ৯ মাৰ্চত শাসনভাৰ গ্ৰহণ কৰা ত্ৰিপুৰাৰ বিজেপি-আইপিএফটি চৰকাৰৰ তৃতীয় বাৰ্ষিকীত মৈত্ৰী সেঁতু উদ্বোধন কৰা হয় । অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চুবুৰীয়া দেশবোৰৰ সৈতে দীৰ্ঘদিন ধৰি চলি অহা সম্পৰ্কৰ বিষয়ত গুৰুত্ব আৰোপ কৰি অঞ্চলটোৰ সামাজিক-অৰ্থনৈতিক বিকাশৰ বাবে সকলো প্ৰকাৰৰ সহায় কৰাৰ আশ্বাস দিয়ে । প্ৰধানমন্ত্ৰী গৰাকীয়ে আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে নতুন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে ।
সেঁতু উদ্বোধনী অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, ত্ৰিপুৰা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক সংযোগ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে ৷ মৈত্ৰী সেঁতু উদ্বোধনৰ পিছত আগৰতলা যিকোনো আন্তৰ্জাতিক বন্দৰৰ পৰা নিকটতম চহৰ হিচাপে বিবেচিত হৈছে । তেওঁ কয় যে, 'মোৰ বাংলাদেশ ভ্ৰমণৰ সময়ত, আজি উদ্বোধন কৰা মৈত্ৰী সেঁতুৰ আধাৰশিলা স্থাপন কৰিছিলো । ছাবৰুমক ৰামগড়ৰ সৈতে সংযোগ কৰা এই দলংখনে ভাৰত-বাংলাদেশৰ মাজত ভূমি, পানী, ৰে’ল যাতায়াত আদি বিভিন্ন ক্ষেত্ৰৰ সম্পৰ্ক অধিক বৃদ্ধি কৰিব' ।
প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, এই দলংখনে ত্ৰিপুৰাক সমৃদ্ধিশালী কৰি তোলাত অৰিহণা যোগোৱাৰ লগতে দক্ষিণ-পূব এছিয়াৰ বজাৰত বাণিজ্যৰ পথ অন্বেষণ কৰিবলৈ মিজোৰাম, মণিপুৰ আৰু দক্ষিণ অসমকো সংযোগ কৰিব । এই দলংখনে ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও আশাবাদী নৰেন্দ্ৰ মোডী ।
ছাবৰুম আন্তৰ্জাতিক বাণিজ্যৰ কেন্দ্ৰ হ'ব বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে । উত্তৰ-পূৰ্বাঞ্চললৈ কেৱল স্থলপথেৰে সামগ্ৰীৰ যোগান ধৰাৰ ওপৰত নিৰ্ভৰ কৰাৰ বিপৰীতে এটা বিকল্প জলপথ নিৰ্মাণৰ বাবে চেষ্টা অব্য়াহত আছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে । আইচিপি সন্দৰ্ভত তেওঁ কয় যে, ছাবৰুমত শীঘ্ৰেই এটা আইচিপি কাৰ্যক্ষম কৰা হ'ব, যি সকলো প্ৰয়োজনীয় সুবিধা থকা এক সম্পূৰ্ণ লজিষ্টিক হাব হিচাপে কাম কৰিব । মৈত্ৰী সেঁতুৰ জৰিয়তে সীমাৰ দুয়োপাৰে বাণিজ্য কৰাত সহায়ক হ'ব আৰু ত্ৰিপুৰাৰ কৃষকে তেওঁলোকৰ শস্য সহজতে আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।