অসম

assam

ETV Bharat / bharat

Odisha train accident: মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি অনুষ্ঠানৰ সকলো কাৰ্যসূচী স্থগিত - মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি

মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি বিজেপি দলৰ লগতে সমগ্ৰ দেশতে আয়োজন কৰা সকলো কাৰ্যসূচী স্থগিত ৰখা সিদ্ধান্ত লৈছে(Modi govt's 9th anniversary celebrations) ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই টুইট কৰি সদৰী কৰে এই কথা ৷

Odisha train accident
মোডী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি অনুষ্ঠানৰ সকলো কাৰ্যসূচী স্থগিত

By

Published : Jun 3, 2023, 8:59 AM IST

Updated : Jun 3, 2023, 1:38 PM IST

নিউজ ডেস্ক, 3 জুন:ওড়িশাৰ বালাচোৰত সংঘটিত ৰে'ল দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে বিজেপি দলে ৷ এই ভয়ংকৰ ৰে'ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে আয়োজন কৰা সকলো কাৰ্যসূচীৰ লগতে সমগ্ৰ দেশতে লোৱা সকলো কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে দলটোৱে ।

উল্লেখ্য যে, কালিকা লগা শুকুৰবাৰৰ নিশা ওড়িশাৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ বাবে BJP দলে বাতিল কৰিলে মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি পূৰ্ব নিৰ্ধাৰিত সকলো কাৰ্যসূচী ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই টুইট কৰি কয় যে ‘‘কেন্দ্ৰীয় চৰকাৰৰ 9 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে আয়োজন কৰা সকলো কাৰ্যসূচীৰ লগতে সমগ্ৰ দেশতে লোৱাসকলো কাৰ্যসূচী স্থগিত ৰখাৰ কথা উল্লেখ কৰে ৷’’

নিশা ওড়িশাৰ বালাচোৰত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাই সকলোৰে মন মগজুক জোকাৰি গৈছে ৷ 2014 চনৰ মে’ মাহত কাৰ্যকাল আৰম্ভ কৰা মোডী চৰকাৰে 2023ৰ মে’ মাহত 9 বছৰ সম্পূৰ্ণ কৰিলে ৷ 9 বছৰীয়া বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি বহু উন্নয়নমূলক কামৰ শুভাৰম্ভনি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৷ কিন্তু ৰে’ল ট্ৰেজেডিৰ বাবে অনুষ্ঠানসমূহ বাতিল কৰিলে ৷

ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই টুইট কৰি এই ঘটনাক অতি দুখজনক আৰু হৃদয়বিদাৰক বুলি উল্লেখ কৰে ৷ তেওঁ আৰু কয় BJP য়ে আয়োজন কৰা সকলো কাৰ্যসূচীৰ লগতে সমগ্ৰ দেশতে লোৱা সকলো কাৰ্যসূচী স্থগিত ৰখিব ৷

মৰ্মান্তিক দুৰ্ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰীয়েও চৰকাৰী কাৰ্যসূচীসমূহ বাতিল কৰিছে ৷ আজি বিশেষকৈ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গোৱা-মুম্বাইৰ মাজত চলিবলগীয়া গোৱা-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিবলগীয়া আছিল ৷ কিন্তু ওড়িশাৰ ট্ৰেজেডিৰ বাবে বাতিল কৰিলে সেই অনুষ্ঠান ৷ কাৰণ দুৰ্ঘটনাস্থলীত শ শ ভুক্তভোগীক উদ্ধাৰ অভিযানত ব্যস্ত চৰকাৰী বিষয়াসকল ৷ এই কথা সদৰী কৰিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ৷

ইফালে নতুন এক্সপ্ৰেছ ৰে’লখন গোৱাৰ মাদগাঁও ৰে’ল ষ্টেচনত ৰখা হৈছিল য'ত মূল অনুষ্ঠানটো অনুষ্ঠিত হ'বলগীয়া আছিল । চলিছিল ব্যাপক আয়োজন, আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছিল গোৱাৰ মাদগাঁও ৰে’ল ষ্টেচন ৷ কিন্তু আবেগিক ক্ষণত কেনেকৈ ,,,,!

আগন্তুক 24’ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে দুদিনৰ পূৰ্বে আৰম্ভ কৰিছিল টিফিন কেম্পেইন । য’ত প্ৰায় 300 জন শ্ৰমিকৰ সৈতে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই টিফিন খাইছিল ৷ কিন্তু ওড়িশাৰ ঘটনাৰ পাছত ধাৰাবাহিক চলিবলগীয়া টিফিন কেম্পেইনো বাতিল কৰা বুলি উল্লেখ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷

লগতে পঢ়ক:Odisha train derailment update : ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত 233 জন নিহত, আহত 900

Last Updated : Jun 3, 2023, 1:38 PM IST

ABOUT THE AUTHOR

...view details