নেশ্যনেল ডেস্ক, ১৫ মাৰ্চ :সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় অংশ (Parliament Budget Session second part)। অধিৱেশনৰ মাজতে সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ-পূৱৰ উন্নয়ন সম্পৰ্কে বিশেষ মন্তব্য কৰা দেখা গ'ল ।
সদনত তেওঁ উল্লেখ কৰা মতে, বিকাশ আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত উত্তৰ-পূৱ এতিয়া দেশৰ বাকী অংশতকৈ পিছপৰি থকা নাই । নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে যোৱা সাতটা বছৰত এই অঞ্চলটোৰ উন্নয়নৰ প্ৰতি বিশেষ মনোযোগ দিছে (Modi led government has paid special attention to Northeast) বুলি সোণোৱালে সদৰী কৰে ।
ৰাজ্যসভাত উত্তৰ-পূৱ অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ কাম-কাজ সন্দৰ্ভত এক আলোচনাত (Discussion on the working of DoNER Ministry in Rajya Sabha) অংশগ্ৰহণ কৰি জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে ।
তেওঁৰ মতে, মোডী চৰকাৰে অঞ্চলটোৰ উন্নয়নৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিছে ৷ পূৰ্বৰ চৰকাৰসমূহে কেৱল প্ৰতিশ্ৰুতিহে দিছিল । যোৱা সাত বছৰত অঞ্চলটোলৈ শান্তি ঘূৰি আহিছে, যাৰ ফলত অৰ্থনৈতিক কাম-কাজ বৃদ্ধি পাইছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে মোডী আৰু অমিত শ্বাহে অঞ্চলটোত শান্তি স্থাপনৰ বাবে সুদৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে । যাৰ বাবে বিনিয়োগকাৰীসকলে এতিয়া অঞ্চলটোত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে ।