নেশ্য়নেল ডেস্ক, ২৬অক্টোবৰ:পঞ্জাৱৰ কাৰাগাৰৰ ভিতৰত ম'বাইল ফোন উদ্ধাৰৰ (mobile phones found inside jails of Punjab) ঘটনা সঘনাই সংঘটিত হৈ আহিছে । ফৰিদকোটৰ কেন্দ্ৰীয় আধুনিক কাৰাগাৰতে একেধৰণৰ (Central Modern Jail in Faridkot) ঘটনা পোহৰলৈ আহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনাটোৰ পিছতেই আৰক্ষীৰ নিৰাপত্তাক লৈ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে ।
সূত্ৰ অনুসৰি কাৰাগাৰত বন্দীসকলৰ পৰা ৯ টা ম'বাইল ফোন উদ্ধাৰ কৰা হৈছে । কাৰাগাৰৰ বিভিন্ন বেৰেকত কৰা অভিযানৰ সময়ত এই ম'বাইল ফোনকেইটা উদ্ধাৰ হৈছে । ইপিনে,পঞ্জাৱৰ কাৰাগাৰ মন্ত্ৰীয়ে (Prison Minister of Punjab) বিগত সময়ত কাৰাগাৰৰ ভিতৰত ম'বাইল ফোন উদ্ধাৰ হোৱা নাই বুলি দাবী কৰিলেও এই ঘটনাৰ পিছত তেওঁ কৰা দাবী ভুল বুলি প্ৰমাণিত হৈছে ।