অসম

assam

ETV Bharat / bharat

Mobile internet ban in Manipur: মণিপুৰত পুনৰ ৮ নৱেম্বৰলৈ বৃদ্ধি পালে মোবাইল ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা - মোবাইল ইণ্টাৰনেটৰ নিষেধাজ্ঞা

মণিপুৰত পুনৰ বৃদ্ধি কৰা হ’ল মোবাইল ইণ্টাৰনেটৰ নিষেধাজ্ঞা ৷ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ইন্টাৰনেটৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ কথা চিন্তা কৰাৰ ইংগিত দিয়াৰ দুসপ্তাহ নৌহওঁতেই গৃহ বিভাগে তিনিবাৰকৈ বৃদ্ধি কৰে ম’বাইল ইণ্টাৰনেটৰ নিষেধাজ্ঞা ।

Mobile internet ban in Manipur
মণিপুৰত পুনৰ ৮ নৱেম্বৰলৈ বৃদ্ধি পালে মোবাইল ইণ্টাৰনেটৰ নিষেধাজ্ঞা

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 1:03 PM IST

নিউজ ডেস্ক, ৬ নৱেম্বৰ:মণিপুৰ চৰকাৰে ৰাজ্যখনত মোবাইল ইণ্টাৰনেট সেৱা নিষেধাজ্ঞাৰ সময়সীমা ৮ নৱেম্বৰলৈ বৃদ্ধি কৰিছে ৷ মণিপুৰত ৩ মে’ত গোষ্ঠীগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পাচত ৰাজ্যখনত ইন্টাৰনেট সেৱা নিষিদ্ধ কৰা হৈছিল ৷ পৰিস্থিতি বহুলাংশে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পিচত ২৩ ছেপ্টেম্বৰত এই নিষেধাজ্ঞা উঠাই লোৱা হৈছিল ৷ ছেপ্টেম্বৰ মাহত কিছুদিনৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা বাহাল থকা সময়ত ছ’চিয়েল মিডিয়াত এগৰাকী যুৱতীৰ লগতে নিৰুদ্দেশ হোৱা দুজন যুৱক ছাত্ৰৰ মৃতদেহৰ ফটো প্ৰচাৰ হোৱাৰ পিচত শ শ ছাত্ৰ-ছাত্ৰীয়ে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ।

এই ঘটনাৰ পাচত মণিপুৰত ২৬ ছেপ্টেম্বৰত পুনৰ মোবাইল ইণ্টাৰনেট নিষিদ্ধ কৰা হয় ৷ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে শেহতীয়াকৈ আগন্তুক কেইদিনমানৰ ভিতৰত চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ কথা চিন্তা কৰিব বুলি ইংগিত দিয়াৰ দুসপ্তাহ নৌহওঁতেই গৃহ বিভাগে তিনিবাৰকৈ ম’বাইল ইণ্টাৰনেটৰ নিষেধাজ্ঞা বৃদ্ধি কৰে । গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙে এক অধিসূচনা জাৰি কৰি কয় যে কিছুমান অসামাজিক উপাদানে ছ’চিয়েল মিডিয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰি জনসাধাৰণৰ আৱেগক উচটনি দিয়া ছবি, ঘৃণামূলক ভাষণ আৰু ঘৃণামূলক ভিডিঅ’ বাৰ্তা বিয়পোৱাৰ সম্ভাৱনা অতি বেছি ।

এনে উৰাবাতৰিৰ ফলত মণিপুৰৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটাৰ লগতে ৰাজ্যখনৰ শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত হোৱাৰ উপৰি জীৱন-সম্পত্তিৰ প্ৰতি ভাবুকি অহাৰ আশংকা প্ৰকাশ কৰে গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙে ৷ তেওঁ লগতে কয় যে, ছ’চিয়েল মিডিয়া তথা মেছেজিং সেৱাৰ জৰিয়তে ইতিমধ্যে কিছু উচটনিমূলক উৰাবাতৰি বিয়পি পৰাৰ ফলত ৰাজ্যখনৰ কিছু অংশত শেহতীয়াকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱাও পৰিলক্ষিত হৈছে ৷ গৃহ আয়ুক্ত সিঙে এই ক্ষেত্ৰত নাগৰিকৰ পৰা বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ সহযোগিতা কামনা কৰে ৷

লগতে পঢ়ক:Mnipur Violence: SDPO চিংথাম আনন্দক গুলীয়াই হত্যা সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ

ABOUT THE AUTHOR

...view details