অসম

assam

ETV Bharat / bharat

গাড়ী পাৰ্কিঙৰ কাজিয়া: গুলীত মৰিল এজন; গণ প্ৰহাৰত মৰিল তিনিজন - Bihar Mob lynching

Mob lynching in Bihar: ঔৰংগাবাদত গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি সংঘটিত সংঘাতত প্ৰাণ হেৰুৱালে 4 গৰাকী লোকে ৷ তিনিগৰাকীৰ গণপ্ৰহাৰত মৃত্যু ৷

car parking dispute
Mob lynching in Bihar

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 10:44 PM IST

নিউজ ডেস্ক, 15 জানুৱাৰী: বিহাৰৰ ঔৰংগাবাদত গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতে ল’লে ভয়ংকৰ ৰূপ ৷ এই সংঘাতত প্ৰাণ হেৰুৱালে চাৰিগৰাকীকৈ লোকে ৷ দোকানৰ সমুখত গাড়ী পাৰ্কিং কৰিবলৈ নিদিয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল সংঘাত ৷ তাৰ মাজতে খঙত হিতাহিত জ্ঞান হেৰুৱাই এজন লোকক গুলীয়াই দিয়ে গাড়ীখনৰ চালকজনে ৷ লগে লগে ব্যক্তিগৰাকীৰ মৃত্যু ঘটে ৷ তাৰ পিচতেই সেই স্থানত উপস্থিত থকা লোকসকলে গাড়ীখনত থকা তিনিওগৰাকী লোকক মৰিয়াই মৰিয়াই হত্যা কৰে ৷ নবীন নগৰ থানাৰ অন্তৰ্গত তেতৰিয়াত ঘটিছে এই ঘটনা ৷

ঘটনা অনুসৰি তেতৰিয়াত এগৰাকী গাড়ী চালকে নিজৰ বাহনখন এখন দোকানৰ সমুখত পাৰ্ক কৰিছিল ৷ কিন্তু সেই সময়তে দোকানীগৰাকীয়ে চালকজনক গাড়ীখন সেই স্থানৰ পৰা আঁতৰাবলৈ কয় ৷ তাৰ পিচতে দুয়োগৰাকী ব্যক্তিৰ মাজত কথাৰ কটা-কটি হয় ৷ কিন্তু বাক-বিতণ্ডাৰ মাজতে গাড়ীচালকজনে দোকানীজনক উদ্দেশ্যি গুলীচালনা কৰে ৷ দোকানীজন গুলীৰ আঘাতৰ পৰা ৰক্ষা পৰে যদিও তেওঁৰ কাষতে থকা এজন ব্যক্তিৰ গাত গুলীটো লগাত তেওঁ ঠাইতে ধলি পৰে ৷ লোকজন মহুৱৰী গাঁৱৰ শৰণ চৌহান বুলি জানিব পৰা গৈছে ৷

এই ঘটনাৰ পিচতে স্থানীয় লোকসকলে ক্ষোভিত হৈ গাড়ীৰে অহা তিনিওজন যুৱকক উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ স্থানীয় লোকসকলৰ ক্ষোভ ইমানেই বৃদ্ধি পালে যে কোবাই কোবাই তিনিজনৰ ভিতৰত দুজন যুৱকৰ ঘটনাস্থলীতে প্ৰাণ বায়ু উৰুৱাই দিয়ে ৷ আনজন যুৱকৰ হাস্পতালত মৃত্যু ঘটে ৷

নিহত যুৱক কেইজন ঝাৰখণ্ডৰ পলামু জিলাৰ হায়দৰ নগৰৰ নিবাসী বুলি জানিব পৰা গৈছে ৷ তেওঁলোক গাড়ীৰে ছাছাৰামৰ শ্বেৰশ্বাহ ছুৰীৰ সমাধিস্থল পৰিদৰ্শন কৰিবলৈ গৈছিল । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে নবীনগৰ আৰক্ষী থানাৰ বিষয়া মনোজ কুমাৰ পাণ্ডে সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । তেওঁ সদৰৰ এছ ডি অ’ মহম্মদক এই বিষয়ে অৱগত কৰে ।

লগতে পঢ়ক:দেশৰ কিছু প্ৰান্তত বৃদ্ধি সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ : সেনাপ্ৰধান

ABOUT THE AUTHOR

...view details