নিউজ ডেস্ক, 19 ডিচেম্বৰ :বৰ্তমানেও উমি উমি জ্বলি আছে মণিপুৰ ৷ সোমবাৰে য়াইছকুলস্থিত প্ৰাক্তন মহিলা অতিৰিক্ত আৰক্ষী অধীক্ষক থৌনাওজাম বৃন্দাৰ বাসগৃহত আক্ৰমণ কৰে এদল প্ৰতিবাদকাৰী মহিলাই ৷ কাৰণ প্ৰাক্তন মহিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বৃন্দাই ৩ মে'ত টৰবুঙত সংঘটিত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত কিছু আপত্তিজনক মন্তব্য কৰিছিল বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদী মহিলাৰ দলটোৱে ৷
সামাজিক মাধ্যমত ভাইৰেল হোৱা সেই অডিঅ’ত প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে কৈছিলে যে, ইম্ফল উপত্যকা ভিত্তিক এটা গোটৰ সদস্যই 3 মে'ত টৰবুঙত সাধাৰণ লোকৰ ঘৰ জ্বলাই দিছিল ৷ যাৰ ফলত ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷ ভাইৰেল হোৱা সেই অডিঅ’ৰ পাচতে একাংশ প্ৰতিবাদী মহিলাই সোমবাৰ প্ৰাক্তন আৰক্ষী বিষয়া বৃন্দাৰ বাসগৃহৰ আচ-বাব ভাঙি চুৰমাৰ কৰে ৷ আনহাতে, উক্ত ঘটনাৰ সময়ত ঘৰত নাছিল প্ৰাক্তন মহিলা আৰক্ষী বিষয়াজন ৷
ঘটনাৰ সন্দৰ্ভত প্ৰতিবাদকাৰী এগৰাকী মহিলাই সাংবাদিকক কয়, "3 মে'ত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়ত থৌনাওজামে কেতিয়াও টৰবুঙলৈ যোৱা নাছিল । ঘৰ আৰু সম্পত্তি হেৰুওৱা লোকসকলৰ দুখ-কষ্ট আৰু অনুভূতিৰ প্ৰতি সম্পূৰ্ণ অৱজ্ঞা কৰি প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে।"