নেশ্যনেল ডেস্ক,২৬ জুন :মেঘালয়ৰ পূব খাচী পাহাৰত দেওবাৰে নিশা হঠাৎ উত্তেজনাৰ সৃষ্টি হয় । বিএছএফৰ এটা সীমান্ত চকীত একাংশ লোকে আক্ৰমণ কৰে । এই ঘটনাত বিএছএফৰ ২ গৰাকী জোৱানসহ প্ৰায় ৫ জন লোক আহত হয় । সোমবাৰে বিষয়াসকলে জনোৱা মতে ৰাজ্যৰ ৰাজধানী শ্বিলঙৰ পৰা ১০০ কিলোমিটাৰ দক্ষিণে ডাউকি চহৰৰ ওচৰৰ উমছিয়েম গাঁৱত নিশা প্ৰায় ১০ মান বজাত এই ঘটনা সংঘটিত হয় ।
বিএছএফ মেঘালয় ফ্ৰণ্টিয়াৰৰ ইন্সপেক্টৰ জেনেৰেল প্ৰদীপ কুমাৰে সংবাদ মাধ্যমক জনোৱা মতে যোৱা কেইদিনমানত বিএছএফৰ জোৱানসকলে বাংলাদেশলৈ চলি থকা চোৰাং সৰবৰাহৰ বিৰুদ্ধে যথেষ্ট কঠোৰ হৈছে । বহু অবৈধ সামগ্ৰী জব্দ কৰাৰ লগতে চোৰাং ব্যৱসায়ীসকলকো চিনাক্ত কৰিবলৈ সক্ষম হৈছে । যাৰ বাবে সেই দুষ্টচক্ৰৰ নেতৃত্বত একাংশ লোকে সীমান্ত চকীটোত আক্ৰমণ কৰিছিল । বিষয়াগৰাকীয়ে জনোৱা মতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিএছএফৰ জোৱানসকলে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ।
আক্ৰমণকাৰীয়ে নিক্ষেপ কৰা শিলৰ আঘাতত ২ গৰাকী বিএছএফ জোৱান আহত হয় । বিষয়াগৰাকীয়ে জনোৱা মতে লোকসকলে যেতিয়া বলপূৰ্বকভাৱে সীমান্ত চকীত প্ৰৱেশৰ চেষ্টা কৰিছিল আৰু তেওঁলোকক পিছলৈ ঠেলি দিয়া হৈছিল । ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ মতে, এই ঘটনাটোত কমেও ৩ গৰাকী আক্ৰমণকাৰীও আহত হয় ।