অসম

assam

ETV Bharat / bharat

Not affraid of Centre: কেন্দ্ৰলৈ ভয় কৰি ‘‘হয় হুজুৰ’’ নকৰে জোৰামথাংগাই ! - Manipur crisis

‘‘NDA বা কেন্দ্ৰীয় চৰকাৰক ভয় কৰি ‘‘জী চাহেব’’ বুলি আমি নকওঁ ৷ গেৰুৱা দলৰ সৈতে মিত্ৰতাৰ অৰ্থ এইটো নহয় যে সকলো নীতি-আদৰ্শকে সমৰ্থন কৰিম ৷’’ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাংথাংগাই কিয় ক’লে এই কথা ৷

Mizoram CM Zoramthanga
Not affraid of Centre

By

Published : Jul 26, 2023, 7:31 AM IST

নিউজ ডেস্ক, 26 জুলাই: মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই যোৱা ২৪ জুলাইত কয় যে, কেন্দ্ৰৰ NDA চৰকাৰক মিজোৰামৰ ৰাজ্য চৰকাৰ বা MNF এ কোনো ভয় নকৰে । মিজো নেচনেল ফ্ৰণ্টৰ অধ্যক্ষ জোৰামথাংগাই দৃঢ়তাৰে কয় যে, যদিও গেৰুৱা দলটো MNF ৰ মিত্ৰ ৷ তাৰ অৰ্থ এইটো নহয় যে, MNF এ NDA চৰকাৰৰ নীতি আৰু উদ্দেশ্যক সমৰ্থন কৰিব ।

আইজলৰ হনাম ৰাণত (MNF দলৰ কাৰ্যালয়) দলীয় কৰ্মীসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী জোৰামথাংগাই কয়, "যদিও আমি NDA ৰ সৈতে আছোঁ, আমি NDA ৰ নীতি আৰু উদ্দেশ্যৰ সমৰ্থন নকৰো । ভাৰতৰ ৰাজনৈতিক দলসমূহে বিজেপি নেতৃত্বাধীন NDA বা কংগ্ৰেছ নেতৃত্বাধীন INDIA ৰ নামেৰে মিত্ৰতা কৰিছে আৰু MNF মিত্ৰতাৰ অংশীদাৰ হিচাপে NDA ৰ সৈতে আছে ।"

MNF দলে বিজেপিক ভয় কৰা বুলি উত্থাপিত অভিযোগৰ ওপৰত অধিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ম্যানমাৰৰ পৰা অহা সকলো শৰণাৰ্থীক পিছুৱাই নিবলৈ মিজোৰাম চৰকাৰক নিৰ্দেশ দিছিল যদিও ৰাজ্য চৰকাৰে তেনে কৰিবলৈ অস্বীকাৰ কৰে ।

‘‘মই বিধানসভাত ঘোষণা কৰিছিলো যে আমি তেওঁলোকক (ম্যানমাৰৰ শৰণাৰ্থীক) বিতাড়িত নকৰো, বৰঞ্চ তেওঁলোকক আশ্ৰয় আৰু খাদ্য দিম ৷ MNF আৰু বিজেপিয়ে একেলগে উন্নয়নৰ বাবে কাম কৰে ৷ কিন্তু তেওঁলোকে (বিজেপিয়ে) যি কয়, তাৰ পোষকতা নকৰে ।’’ তেওঁ লগতে কয় ।

লগতে পঢ়ক:No confidence motion in Lok Sabha: চৰকাৰৰ বিৰুদ্ধে লোকসভাত অনাস্থা প্ৰস্তাৱ উত্থাপনৰ সিদ্ধান্ত বিৰোধীৰ

জোৰামথাংগাই কেন্দ্ৰীয় গৃহ সচিবক সোঁৱৰাই দিছে যে মিজোৰামত আশ্ৰয় লোৱা স্থানচ্যুত মণিপুৰীসকলক সাহায্য প্ৰদানৰ বাবে বিচৰা ধন এতিয়াও মুকলি হোৱা নাই । তেওঁ লগতে কয়, ‘‘কেন্দ্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ মই কৈছিলো যে, ১৯৭১ চনত পশ্চিম বংগত আশ্ৰয় লোৱা তেতিয়াৰ পূব পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) লাখ লাখ শৰণাৰ্থীক ভাৰত চৰকাৰে যত্ন লৈছিল ।’’

ইয়াৰ পূৰ্বে ৪ জুলাইত জোৰামথাংগাই ভাৰতৰ আইন আয়োগলৈ লিখিছিল যে, ইউনিফৰ্ম চিভিল কোড (ইউচিচি) সাধাৰণতে সংখ্যালঘু জনগোষ্ঠীৰ আৰু বিশেষকৈ মিজোসকলৰ স্বাৰ্থৰ বিৰুদ্ধে । জোৰামথাংগাই কয় যে, তেওঁৰ দলৰ মতে সংবিধানৰ ৩৭১(G) ধাৰাৰ দ্বাৰা সুৰক্ষিত মিজোসকলৰ ধৰ্মীয় তথা সামাজিক প্ৰথা আৰু তেওঁলোকৰ প্ৰথাগত আইনসমূহৰ সৈতে ইউনিফৰ্ম চিভিল কোডৰ সংঘাত স্পষ্ট ।

MNF ৰ বাহিৰে আন কোনো দলে NDA ৰ বৈঠকত প্ৰস্তাৱিত ইউনিফৰ্ম চিভিল কোড (ইউ চি চি)ক সাহসেৰে আপত্তি কৰা নাছিল ৷ কাৰণ তেওঁলোকৰ বেছিভাগেই কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সুবিধাজনক স্বৰ্ত ৰাখি চলিব বিচাৰে বুলিও তেওঁ লগতে কয় ।

কেন্দ্ৰত চৰকাৰ সলনি হ’লে MNF এ কেতিয়াও নিজৰ স্থিতি সলনি নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে, দলটোৱে UCC ৰ তীব্ৰ বিৰোধিতা কৰিছিল ৷ কাৰণ MNF এ ইয়াৰ মূলমন্ত্ৰৰ "ঈশ্বৰ আৰু দেশৰ বাবে" পৰিপন্থী যিকোনো বিষয়ৰ বিৰোধিতা কৰে ।

লগতে পঢ়ক:Threat to Meitei community: কাছাৰত মিজোৰাম এৰি অহা মণিপুৰী শৰণাৰ্থীৰ ভিৰ

মণিপুৰৰ জনগোষ্ঠীয় মিজো বসতিপ্ৰধান অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰি "বৃহত্তৰ মিজোৰাম"ৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি জোৰামথাংগাই কয় যে, মণিপুৰৰ মিজোসকলে জোৰ-জবৰদস্তিৰ পৰিৱৰ্তে সংবিধানৰ ৩ নং দফা অনুসৰিহে পদক্ষেপ লোৱা উচিত ।

মণিপুৰৰ জনগোষ্ঠীয় মিজো ভাতৃগণে এতিয়া সুকীয়া প্ৰশাসনৰ দাবী উত্থাপন কৰিছে, যিয়ে পুনৰ একত্ৰীকৰণৰ পথ প্ৰশস্ত কৰিছে । মণিপুৰৰ আভ্যন্তৰীণভাৱে স্থানচ্যুত হোৱা লোকসকলক মিজোৰাম চৰকাৰ আৰু ৰাইজে মুক্তভাৱে আৰু সহৃদয়তাৰে আদৰি লৈছে ৷ ৰাজ্যৰ জনসাধাৰণে যি খাদ্য-পানীয় গ্ৰহণ কৰে, তেওঁলোকেও তাকেই গ্ৰহণ কৰিব বুলিও কয় মুখ্যমন্ত্ৰী জোৰামথাংগাই ।

ABOUT THE AUTHOR

...view details