অসম

assam

ETV Bharat / bharat

নাৰী সবলীকৰণৰ বাবে মণিপুৰ চৰকাৰে কাম কৰি আছে: হেনৰী অ'ক্ৰাম - নাৰী সবলীকৰণ

"মণিপুৰ চৰকাৰে নাৰী সবলীকৰণ আৰু মহিলাৰ জীৱন উন্নত কৰাৰ ক্ষেত্ৰত অবিৰতভাৱে কাম কৰি আহিছে । ৰাজ্যিক মহিলা আয়োগৰ বাৰ্ষিক বাজেট ৪০ লাখ টকাৰ পৰা ১ কোটি টকালৈ বৃদ্ধি কৰা হৈছে ।" বুধবাৰে ইম্ফলৰ চিটি কনভেনচন চেণ্টাৰত আয়োজিত এক অনুষ্ঠানত এই মন্তব্য কৰে মণিপুৰৰ সমাজ কল্যাণ মন্ত্ৰী হেনৰী অ'ক্ৰামে ।

নাৰী সবলীকৰণৰ বাবে মণিপুৰ চৰকাৰে কাম কৰি আছেঃ হেনৰী অ'ক্ৰাম
নাৰী সবলীকৰণৰ বাবে মণিপুৰ চৰকাৰে কাম কৰি আছেঃ হেনৰী অ'ক্ৰাম

By

Published : Mar 10, 2021, 7:15 PM IST

নেশ্যনেল ডেস্ক,১০ মাৰ্চ: আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে মণিপুৰৰ ইম্ফলৰ চিটি কনভেনচন চেণ্টাৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত অংশ লৈ ৰাজ্যখনৰ সমাজ কল্যাণ মন্ত্ৰী হেনৰী অ'ক্ৰামে চৰকাৰে মহিলাসকলৰ বাবে কৰা উন্নয়নমূলক কামৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায় । তেওঁ কয় যে, মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বাধীন মণিপুৰ চৰকাৰে নাৰী সবলীকৰণ আৰু মহিলাৰ জীৱন উন্নত কৰাৰ ক্ষেত্ৰত অবিৰতভাৱে কাম কৰি আহিছে ।

বিশেষকৈ ৰাজ্যৰ মহিলাসকলৰ বাবে চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে । মণিপুৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বৰ্তমানৰ চৰকাৰে শেহতীয়াকৈ বিধানসভাত লিংগ বাজেটৰ বিবৃতি উপস্থাপন কৰিছে বুলি মন্তব্য কৰে সমাজ কল্যাণ মন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰীগৰাকীৰ সুবাদতে ৰাজ্যিক মহিলা আয়োগৰ বাৰ্ষিক বাজেট ৪০ লাখ টকাৰ পৰা ১ কোটি টকালৈ বৃদ্ধি কৰা হৈছে ।

নাৰী সবলীকৰণৰ বাবে মণিপুৰ চৰকাৰে কাম কৰি আছেঃ হেনৰী অ'ক্ৰাম

ৰাজ্যত লিংগ বৈষম্য দূৰ কৰাৰ বাবে জন সাধাৰণক সামূহিকভাৱে যুঁজ দিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতীয় সংবিধানত উল্লেখ থকা অনুসৰি লিংগ সমতাৰ নীতি পালন কৰা উচিত । লগতে তেওঁ ৰাজ্যখনত মহিলাৰ অধিকাৰ আৰু লিংগ সমতাৰ ওপৰত গণ সচেতনতাৰ প্ৰয়োজনীয়তা আছে বুলিও মন্তব্য কৰে । এই অনুষ্ঠানতে মন্ত্ৰী হেনৰী অ'ক্ৰামক "মহিলাৰ বাবে পুৰুষ" বঁটাৰে সন্মানীত কৰা হয় । মহিলাৰ অধিকাৰ লাভৰ ক্ষেত্ৰত অসাধাৰণ সেৱা আগবঢ়াই অহা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক: বাংলাদেশলৈ হস্তান্তৰ ভাৰতত আটক হোৱা দুই বাংলাদেশী

ABOUT THE AUTHOR

...view details