নিউজ ডেস্ক,১০ মাৰ্চ: মণিপুৰ চৰকাৰৰ চাৰিবছৰীয়া সফল কাৰ্যকাল উদযাপন কৰি বিশেষ অভিযান গ্ৰহণ কৰে । এই উপলক্ষে বুধবাৰে পৌৰ নিগম প্ৰশাসন গৃহ আৰু নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হেনৰি অকৰামৰ বিশেষ পদক্ষেপ । বুধবাৰে ৰাজ্যখনৰ ইম্ফল চহৰৰ খৱাইৰামবন্দ বজাৰত প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়ত এক সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এসপ্তাহৰ স্বচ্ছ অভিযান কাৰ্যসূচী আৰম্ভণিৰ উদ্বোধনী কৰে । এই কাৰ্যসূচীত হেনৰীয়ে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক পদক্ষেপৰ সফল ৰূপায়ণৰ বাবে জন সাধাৰণৰ সমৰ্থন আৰু সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।
ইম্ফলত সাপ্তাহিক স্বচ্ছ অভিযান
মণিপুৰৰ পৌৰ নিগম প্ৰশাসন গৃহ আৰু নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হেনৰি অকৰামৰ বিশেষ পদক্ষেপ । বুধবাৰে ৰাজ্যখনৰ ইম্ফল চহৰৰ খৱাইৰামবন্দ বজাৰত প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়ত এক সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এসপ্তাহৰ সজাগতা অভিযান কাৰ্যসূচী আৰম্ভণিৰ উদ্বোধনী কৰে । এই কাৰ্যসূচীত হেনৰীয়ে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক পদক্ষেপৰ সফল ৰূপায়ণৰ বাবে জন সাধাৰণৰ সমৰ্থন আৰু সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।
চহৰখন পৰিষ্কাৰ কৰাৰ বাবে এক সামূহিক প্ৰচেষ্টা আৰু নিষ্ঠাই হৈছে আটাইতকৈ প্ৰয়োজনীয় বুলি মন্তব্য কৰে হেনৰিয়ে । ইয়াৰোপৰি, মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, প্লাষ্টিক ব্যৱহাৰৰ প্ৰভাৱ আৰু ইয়াৰ ফলত দেখা দিয়া ভয়ংকৰ পৰিণামৰ বিষয়ে জন সাধাৰণক সজাগ কৰাই হৈছে এই সজাগতা অভিযানৰ উদ্দেশ্য । লগতে ৰাইজক পৰিষ্কাৰ চহৰ গঢ়ি তোলাৰ বাবে প্ৰতিবছৰে পৌৰ পৰিষদ/নিগম আৰু প্ৰতিটো পৰিষদ/নিগমৰ ৱাৰ্ডৰ মাজত এক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । এই প্ৰতিযোগিতাত ৰাইজৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি ৰেংকিং দিয়া হ'ব বুলি মন্ত্ৰীজনে কয় ।
লগতে পঢ়ক: হিমাচলত পথ দুৰ্ঘটনাত নিহত ৮