নেশ্যনেল ডেস্ক, 16 জানুৱাৰী: RRR সংগীত পৰিচালক এম এম কীৰাৱানীয়ে (Indian composer MM Keeravaani) গোল্ডেন গ্লোব খিতাপ (Golden Globe winner)লাভ কৰাৰ পিছতেই সোমবাৰে ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাও আৰু এছ এছ ৰাজামৌলীৰ মূল্যবান পৰামৰ্শৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ শেহতীয়াকৈ জুনিয়ৰ এনটিআৰ আৰু ৰাম চৰণ অভিনীত ব্লকবাষ্টাৰ ছবি আৰ আৰ আৰৰ "নাটু নাটু" গীতটোৰ বাবে শ্ৰেষ্ঠ গীতৰ বাবে "ক্ৰিটিকছ চইচ বঁটা (Critics Choice Award)" লাভ কৰিছিল ।
লছ এঞ্জেলছত আনুষ্ঠিত এক অনুষ্ঠানত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ বাবে ক্ৰিটিকচ চইচ বঁটাও গ্ৰহণ কৰিছিল । কীৰাৱানীৰ গীত নাটু নাটুৱে ও (Naatu Naatu by MM Keeravaani) শেহতীয়াকৈ লছ এঞ্জেলছ ফিল্ম ক্ৰিটিকছ এছ'চিয়েচন (এলএএফচিএ)ত শ্ৰেষ্ঠ সংগীতৰ মূল বঁটা লাভ কৰিছিল। আৰআৰআৰৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজটোৱে এই আপডেটটো সামাজিক মাধ্যমত শ্বেয়াৰো কৰিছিল।
কীৰাৱানীয়ে তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টত ৰামোজী ৰাও আৰু তেওঁৰ আন পৰামৰ্শদাতাসকলক ধন্যবাদ জনোৱাৰ বাবে টুইটাৰত (MM Keeravaani expresses gratitude to Ramoji Rao) এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৷ তেওঁ এই টুইটটোত লিখিছিল(MM Keeravaani twitter), "গোল্ডেন গ্লোবকে ধৰি আৰ আৰ আৰৰ বাবে 4 টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি ঘৰলৈ উভতি অহাৰ অনুভৱেই সুকীয়া ৷ তেলুগু ৰাজ্যৰ সীমা পাৰ কৰি মোৰ সংগীতক সমগ্ৰ বিশ্বতে সমৃদ্ধ কৰি তোলাৰ বাবে মোক পৰামৰ্শ আগবঢ়োৱা ৰামোজী ৰাও গাৰু, বালাচন্দৰ ছাৰ, ভৰতন ছাৰ, অৰ্জুন চাৰ্জা আৰু ভাট চাহাবকে ধৰি সকলো পৰামৰ্শদাতাৰ প্ৰতি মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷
সংগীত পৰিচালকগৰাকীয়ে সামাজিক মাধ্যমত হলীউডৰ কিংবদন্তি পৰিচালক জেমছ কেমেৰুণৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল ৷ টুইটাৰৰ জৰিয়তে কীৰাৱানীয়ে কেমেৰুণ আৰু ৰাজামৌলীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি লিখিছে, "কিংবদন্তি পৰিচালক জেমছ কেমেৰুনে দুবাৰকৈ আৰ আৰ আৰ চাইছে আৰু মোক ছবিখনৰ বিষয়ে মতামত দিছে ৷"