নেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰ: "পূৰ্বৰ বাওঁপন্থী দলৰ চৰকাৰৰ আজ্ঞাকাৰী বিষয়া এতিয়াও ত্ৰিপুৰা চৰকাৰ(Tripura Govt)ৰ কেতবোৰ বিভাগৰ শীৰ্ষ পদবীত আছে । তেওঁলোকে ২৫ বছৰ ধৰি শাসনত থকা বাওঁপন্থী দলক পুনৰ ক্ষমতা অধিষ্ঠিত কৰিবলৈ ষড়যন্ত্ৰ কৰিছে । সম্প্ৰতি ত্ৰিপুৰা(Tripura)ত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাসমূহৰ আঁৰত আছে ২০১৮ চনৰ পাচত বিজেপি(BJP)ত যোগদান কৰা চি পি আই এম (CPIM) কৰ্মী" । মঙলবাৰে পুৱা আগৰতলাত এখন সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰে ত্ৰিপুৰাৰ বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মনে(BJP MLA Sudip Roy Barman) ।
বিধায়ক বৰ্মনে কয় যে, ত্ৰিপুৰা এসময়ত শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে জনাজাত আছিল । কিন্তু বৰ্তমান নিৰ্বাচনৰ সময়তে ধাৰাবাহিকভাৱে হিংসাত্মক ঘটনা সংঘটিত হৈছে ৰাজ্যখনত । দলীয় কৰ্মীসকলৰ ওপৰত আক্ৰমণ(Attack on party worker), প্ৰাৰ্থীৰ ওপৰত, কৰ্মীৰ ঘৰত আক্ৰমণ আদি সঘনাই সংঘটিত হৈছে বুলি তেওঁ মন্তব্য কৰে । আগৰতলাৰ ১ নং ৱাৰ্ডত সংঘটিত গুলীচালনাৰ ঘটনাৰ প্ৰসংগও তেওঁ উত্থাপন কৰে ।
আনহাতে, ৫ নং ৱাৰ্ডত দুৰ্বৃত্তই এজন প্ৰাৰ্থীৰ স্কুটী জ্বলাই দিছিল । তেওঁ এই হিংসাত্মক ঘটনাক গৰিহণা দিয়ে । তেওঁ কয় যে, বিজেপিৰ মূল মন্ত্ৰ হৈছে 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস'(Sabka Saath, Sabka Bikas, Sabka Biswas) ।
কিন্তু ত্ৰিপুৰাত দলটোৰ এই মূল মন্ত্ৰ অনুসৰণ কৰা হোৱা নাই । বিধায়কগৰাকীয়ে কয় যে, একো একোজন তথাকথিত নেতাৰ বাবে এতিয়া আন ৰাজ্যত বাস কৰা লোকসকলে ত্ৰিপুৰাৰ বিষয়ে নেতিবাচক চিন্তা কৰিছে । বিজেপিয়ে কেতিয়াও নিজৰ দলৰ কৰ্মীসকলক আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিবলৈ কোৱা নাই । তেওঁ কয় যে, এনে নেতাসকল মানসিকভাৱে বিকৃত ।
সুদীপ ৰয় বৰ্মনে গুৰুতৰ অভিযোগ তোলে যে, এসময়ত চি পি আই এম দলৰ নিষ্ঠাবান কৰ্মীয়ে ২০১৮ চনৰ নিৰ্বাচনৰ পাচত বিজেপিত যোগদান কৰিছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi)ৰ নাম কলুষিত কৰিবলৈ এই নেতাসকলে ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত কৰিছে । তেওঁ লগতে কয় যে, ত্ৰিপুৰাত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছত ত্ৰিপুৰাৰ এইসকল নেতাই চিপিআইএম চৰকাৰৰ সময়ৰ একাংশ 'গুণ্ডা'ক গ্ৰেপ্তাৰ কৰিবলৈ পৰামৰ্শ দি বিজেপি চৰকাৰক এখন তালিকা যোগান ধৰিছিল । কিন্তু একো লাভ নহ'ল ।
পিছত তেওঁলোকে বিজেপিত যোগদান কৰে আৰু এতিয়া আক্ৰমণ সংঘটিত কৰি আছে । বিধায়ক বৰ্মনে কয় যে, এই শিশুসুলভ নেতৃত্বই ৰাজ্যখনৰ শান্তি-শৃংখলা বিঘ্নিত কৰিবলৈ প্ৰয়াস কৰিছে । মঙলবাৰে সংবাদমেলত বিধায়ক আশীষ কুমাৰ সাহা(MLA Ashish Kumar Saha)ও বিধায়ক সুদীপ ৰয় বৰ্মনৰ সৈতে উপস্থিত থাকে ।
লগতে পঢ়ক:Tripura violence : তৃণমূল কংগ্ৰেছৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে