অসম

assam

ETV Bharat / bharat

ডিএমকে নেতা এম কে ষ্টালিনৰ মনোনয়ন দাখিল - কোয়েম্বাটু

ডিএমকে প্ৰধান আৰু তামিলনাডুৰ বিৰোধী নেতা এম কে ষ্টালিনে সোমবাৰে কোলাথুৰ বিধানসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে । সোমবাৰে থিৰভাৰু, মান্নাৰগুদি আৰু নান্নিলমত নিৰ্বাচনী প্ৰচাৰ চলায় ।

ডিএমকে নেতা এম কে ষ্টালিনৰ মনোনয়ন দাখিল
ডিএমকে নেতা এম কে ষ্টালিনৰ মনোনয়ন দাখিল

By

Published : Mar 15, 2021, 4:59 PM IST

নেশ্যনেল ডেস্ক,১৫ মাৰ্চ: দ্ৰাবিড়া মুনেত্ৰা কাঝাগাম (ডিএমকে) প্ৰধান আৰু তামিলনাডুৰ বিৰোধী নেতা এম কে ষ্টালিনে সোমবাৰে চেন্নাইৰ কোলাথুৰ বিধানসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে । তামিলনাডু বিধানসভা নিৰ্বাচনত নৱমবাৰলৈ প্ৰাৰ্থিত্ব লাভ কৰা ষ্টালিনক এইবাৰ কোলাথুৰৰ পৰা তিনিবাৰলৈ অৰ্থাৎ হেট্ৰিক জয়ৰ বাবে দৃষ্টি নিৱদ্ধ কৰা হৈছে । ইফালে, মুখ্যমন্ত্ৰী পালানিস্বামী আৰু ভানাথী শ্ৰীনিবাসনে সোমবাৰে এদাপাড়ি আৰু কইম্বাটোৰৰ দক্ষিণৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে ।

ইতিমধ্যে ষ্টালিনে থিৰভাৰুৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে । উল্লেখ্য যে, ষ্টালিনৰ পিতৃ তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ জন্মস্থান থিৰভাৰু । সোমবাৰে ডিএমকে নেতাগৰাকীয়ে ৰাজ্যখনৰ থিৰভাৰুৰ, মান্নাৰগুদি আৰু নান্নিলামত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় ৷ তামিলনাডুৰ বিধানসভা নিৰ্বাচন ৬ এপ্ৰিলত এটা পৰ্যায়তে সম্পূৰ্ণ হ'ব ।

লগতে পঢ়ক: এন্টিলিয়া বোমাতংক: আৰক্ষী বিষয়া শচীন ৱাজেক নিলম্বন

ABOUT THE AUTHOR

...view details