অসম

assam

মিজোৰামৰ প্ৰথমটো সৌৰ ফটোভল্টেটিক (এছপিভি) বিদ্যুৎ প্ৰকল্প উদ্বোধন

By

Published : Dec 7, 2020, 7:47 PM IST

মিজোৰামৰ প্ৰথমটো সৌৰ ফটোভল্টেটিক (এছপিভি) বিদ্যুৎ প্ৰকল্পটো সোমবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ৷ ৰাজধানী আইজলৰ পৰা প্ৰায় 58 কিলোমিটাৰ দূৰত ট্ৰুংভেলত অৱস্থিত ৰাজ্যৰ প্ৰথম সৌৰ ফটোভল্টেটিক (এছপিভি) বিদ্যুৎ প্ৰকল্পই 2 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ‘ব ৷

mizorams-first-solar-power-plant-inaugurated
মিজোৰামৰ প্ৰথমটো সৌৰ ফটোভল্টেটিক (এছপিভি) বিদ্যুৎ প্ৰকল্প উদ্বোধন

মিজোৰাম, 7 ডিচেম্বৰ : মিজোৰামৰ প্ৰথমটো সৌৰ ফটোভল্টেটিক (এছপিভি) বিদ্যুৎ প্ৰকল্পটো সোমবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ৷ ৰাজধানী আইজলৰ পৰা প্ৰায় 58 কিলোমিটাৰ দূৰত ট্ৰুংভেলত অৱস্থিত ৰাজ্যৰ প্ৰথম সৌৰ ফটোভল্টেটিক (এছপিভি) বিদ্যুৎ প্ৰকল্পই 2 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ‘ব ৷ মিজোৰামৰ শক্তিমন্ত্ৰী আৰ. লালজিৰলিয়ানাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে প্ৰকল্পটো ৷

মিজোৰামৰ প্ৰথমটো সৌৰ ফটোভল্টেটিক (এছপিভি) বিদ্যুৎ প্ৰকল্প উদ্বোধন

এই অনুষ্ঠানত আৰ লালজিৰলিয়ানাই কয় যে, 2 এমডব্লিউপি এছ পি ভি সৌৰ প্ৰকল্প আৰম্ভ কৰাৰ লগে লগে মিজোৰামে দেশৰ সৌৰ মানচিত্ৰত প্ৰৱেশ কৰিব আৰু ই ৰাজ্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত ।

এই প্ৰকল্পটোৰ নিৰ্মাণ 2018 চনৰ আগষ্ট মাহত আৰম্ভ কৰা হৈছিল আৰু ৰাজ্য চৰকাৰে সম্পূৰ্ণভাৱে প্ৰদান কৰা পুঁজিৰ সৈতে 1400 লাখ টকা ব্যয়েৰে সম্পূৰ্ণ কৰা হৈছিল । এছপিভি পাৱাৰ প্লেণ্টটো 5 একৰত বিস্তৃত আৰু ইয়াত 5340 টা সৌৰ মডিউল আছে । এই প্ৰকল্পটোৰ দ্বাৰা বাৰ্ষিক 3 মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন হ'ব বুলি আশা কৰা হৈছে ৷

উল্লেখ্য যে, মিজোৰামৰ খাওজল জিলাৰ ভানকালত বৰ্তমান ২০ মেগাৱাটৰ এক সৌৰ শক্তি প্ৰকল্প নিৰ্মাণ কাৰ্য অব্যাহত আছে ।

লগতে পঢ়ক :'লাভ জেহাদ'ৰ বিৰুদ্ধে কৰ্ণাটকত আইন প্ৰণয়নৰ পৰিকল্পনা

ABOUT THE AUTHOR

...view details