অসম

assam

ETV Bharat / bharat

শৰণাৰ্থীক আশ্ৰয়ৰ বাবে চৰকাৰক বিশেষ আহ্বান স্বেচ্ছাসেৱী সংস্থাৰ

ম্যানমাৰ জান্তা সেনাৰ আক্ৰমণৰ বলি হৈ পলাই অহা শৰণাৰ্থীৰ আশ্ৰয়ৰ বাবে চৰকাৰক বিশেষ আহ্বান জনালে ইউনাইটেড ফৰ ডেমক্ৰেটিক ম্যানমাৰ মিজোৰাম নামৰ স্বেচ্ছাসেৱী সংস্থাই । মিজোৰাম চৰকাৰেও শৰণাৰ্থীক পৰ্যাপ্ত সুবিধা প্ৰদানৰ আশ্বাস দিছে ।

By

Published : Mar 7, 2021, 9:07 PM IST

শৰণাৰ্থীক আশ্ৰয়ৰ বাবে চৰকাৰক বিশেষ আহ্বান স্বেচ্ছাসেৱী সংস্থাৰ
শৰণাৰ্থীক আশ্ৰয়ৰ বাবে চৰকাৰক বিশেষ আহ্বান স্বেচ্ছাসেৱী সংস্থাৰ

নিউজ ডেস্ক,৭ মাৰ্চ:ম্যানমাৰ জান্তা সেনাৰ আক্ৰমণৰ বলি হৈ পলাই অহা মিজোৰামৰ বাসিন্দাক আশ্ৰয় প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত বিশেষ আহ্বান এটা স্বেচ্ছাসেৱী সংস্থাৰ । ইউনাইটেড ফৰ ডেমক্ৰেটিক ম্যানমাৰ মিজোৰামৰ প্ৰতিনিধিসকলে এই বিষয়ত শনিবাৰে সাক্ষাৎ কৰে মিজোৰামৰ বিজেপি সভাপতি ভানলালমুয়াকাক । নেতা গৰাকীক কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিষয় আলোচনা কৰিবলৈ আৰু ম্যানমাৰ সীমান্ত পাৰ হৈ অহা মিজো লোক সকলক আশ্ৰয়ৰ বাবে আহ্বান জনাই স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিনিধিসকলে ।

শৰণাৰ্থীক আশ্ৰয়ৰ বাবে চৰকাৰক বিশেষ আহ্বান স্বেচ্ছাসেৱী সংস্থাৰ

ভানলালমুয়াকায়ে স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিনিধিসকলক আশ্বাস প্ৰদান কৰি কয় যে তেওঁ বিজেপি আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ শীৰ্ষ নেতৃত্বক মিজো জনজাতিৰ লগতে যিকোনো গণতন্ত্ৰ ৰক্ষাকাৰী ম্যানমাৰীক আশ্ৰয় দিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনাব । ভানলালমুয়াকাই লগে লগে এই বিষয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে যোগাযোগ কৰে আৰু শৰণাৰ্থীসকলক তাৎক্ষণিকভাৱে সমৰ্থন আগবঢ়াবলৈ অনুৰোধ জনায় ।

একে সময়তে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথঙ্গাই কয় যে ম্যানমাৰৰ জান্তা সেনাৰ নৃশংসতাৰ পৰা ৰক্ষা পাবলৈ মিজোৰামত প্ৰৱেশ কৰা সকলো মিজো জনজাতিয়ে তেওঁলোকৰ দেশলৈ স্বাভাৱিক অৱস্থা ঘূৰি নহালৈকে মিজোৰাম চৰকাৰৰ সমৰ্থন লাভ কৰিব । তেওঁ লগতে কয় যে ৰাজ্যখনে ম্যানমাৰৰ শৰণাৰ্থীসকলক খাদ্য আৰু আশ্ৰয়ৰ বাবে পুঁজি প্ৰদান কৰিব ।


লগতে পঢ়ক:ছত্তীশগড়ত মাওবাদীয়ে সংস্থাপন কৰা আইইডি উদ্ধাৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details