অসম

assam

ETV Bharat / bharat

আইজলত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ - অসম ৰাইফলছ

আইজলত বুজনসংখ্যক স্ৱয়ংচালিত অস্ত্ৰ উদ্ধাৰ ৷ মিজোৰাম আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত উদ্ধাৰ হৈছে এই অস্ত্ৰ ৷ ঘটনা সন্দৰ্ভত তিনিজনক আটক ৷

mizoram police and aizawl battalion of assam rifles recovered automatic weapons in khatla locality of aizawl
আইজলত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ

By

Published : Apr 2, 2021, 7:56 AM IST

মিজোৰাম, 2 এপ্ৰিল:মিজোৰাম আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত আইজলত বুজনসংখ্যক স্ৱয়ংচালিত অস্ত্ৰ উদ্ধাৰ ৷ মিজোৰাম আৰক্ষী আৰু অসম ৰাইফলছৰ আইজল বেটেলিয়নে আইজলৰ খাটলা অঞ্চলৰ পৰা স্বয়ংক্ৰিয় অস্ত্ৰসমূহ উদ্ধাৰ কৰিছে ৷ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী সমূহ উদ্ধাৰ কৰাৰ লগতে এই ঘটনাত জড়িত থকাৰ অভিযোগত তিনি গৰাকীকৈ লোকক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

ঘটনা সন্দৰ্ভত তিনিজনক আটক

উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী সমূহৰ ভিতৰত আছে - এটা এ কে - 22 ৰাইফল, এটা 22 এমএম ক'ল্ট পিষ্টল, 108 ৰাউণ্ড .22 এম এম, 1 ৰাউণ্ড 7.62 এমএম, 2 ৰাউণ্ড .32 এমএম, পাঁচটা খালী কাৰ্টিজ, দুটা শ্বটগান চেলছ ৷ কৰায়ত্ব হোৱা অভিযুক্ত তিনিগৰাকী হ'ল ক্ৰমে - F Lalrempuia (21), Laremruata (36) আৰু Lalzadinga (23) ৷ সুৰক্ষা বাহিনীৰ দ্ৰুত আৰু সাহসী পদক্ষেপৰ বাবেই অভিযুক্ত লোক তিনিজন কৰায়ত্ব হয় ৷ জানিব পৰা মতে কৰায়ত্ব কৰাৰ পাছত অভিযুক্ত লোক কেইজনক আইজন আৰক্ষী থানাত গটাই দিয়া হয় ৷

লগতে পঢ়ক:ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী ফাগান সিং কুলাষ্টেৰ

ABOUT THE AUTHOR

...view details