অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে মিজোৰামৰ জোৱানৰ মৃতদেহ - ত্ৰিপুৰাৰ লংগাই নদী

ত্ৰিপুৰাৰ বাহাদুৰপাৰাৰ পৰা উদ্ধাৰ মিজোৰামৰ এজন জোৱানৰ মৃতদেহ ৷ মিজোৰামৰ ভাৰতীয় ৰিজাৰ্ভ আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ(Mizoram Indian Reserve Police 4th Battalion) কনিষ্টবল মৃত জোৱানজন ৷ জোৱানজনৰ মৰণোত্তৰ পৰীক্ষাৰ পাছত ত্ৰিপুৰা আৰক্ষীয়ে আইনী প্ৰক্ৰিয়া মৃতদেহটো চমজাই দিয়ে পৰিয়ালৰ লোকক ৷

mizoram-jawan-found-dead-in-tripura
ত্ৰিপুৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে মিজোৰামৰ জোৱানৰ মৃতদেহ

By

Published : May 10, 2022, 8:49 AM IST

আগৰতলা, 10 মে’ :ত্ৰিপুৰাৰ উত্তৰ জিলাৰ খেদাচাৰা আৰক্ষী থানাৰ অন্তৰ্গত বাহাদুৰপাৰাৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে সোমবাৰ এজন জোৱানৰ মৃতদেহ উদ্ধাৰ কৰে ৷ মৃত জোৱানজন মিজোৰামৰ ভাৰতীয় ৰিজাৰ্ভ আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ(Mizoram Indian Reserve Police 4th Battalion) কনিষ্টবল এইচ ভানলাল পাৰা (৪৩) বুলি চিনাক্ত কৰা হৈছে ৷

আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি, এইচ ভানলাল পাৰা মিজোৰামৰ আইজলৰ ৰামলুই ভিয়েনেটাছ অঞ্চলৰ বাসিন্দা ৷ মৃত জোৱানজনৰ পৰিয়াল লোকে তেওঁ মিজোৰামৰ মামিত জিলাৰ চাভেল বিঅ'পিত কাম কৰি থকাৰ কথা জানিবলৈ দিয়ে ৷

আৰক্ষীয়ে সদৰি কৰা অনুসৰি ত্ৰিপুৰাৰ লংগাই নদীৰ কাষৰ খেদাচাৰা বাহাদুৰপাৰা অঞ্চলৰ স্থানীয় লোকসকলে প্ৰথমে জোৱানজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰে । তেওঁলোকে লগে লগে খেদাচেৰা আৰক্ষী থানা(Khedacherra police station of Tripura)ত ঘটনাৰ বিষয়ে অৱগত কৰে ৷ ইয়াৰ পাছতেই ত্ৰিপুৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।

ত্ৰিপুৰা আৰক্ষীয়ে মৃতদেহটোৰ কাষত থকা কিছুমান নিচাযুক্ত সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে জোৱানজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাত আৰক্ষীয়ে আইনী প্ৰক্ৰিয়া অনুসৰি মৃতদেহটো পৰিয়ালৰ লোকক হস্তান্তৰ কৰে ৷

লগতে পঢ়ক :ডাউদৰ সহযোগীৰ বিৰুদ্ধে মুম্বাইত NIA ৰ অভিযান

ABOUT THE AUTHOR

...view details