অসম

assam

ETV Bharat / bharat

মিজোৰামত সপ্তাহজোৰা লক ডাউন - মিজোৰাম চৰকাৰে

কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত মিজোৰামত সপ্তাহজোৰা লক ডাউন ঘোষণা কৰা হৈছে । স্থানীয় সংক্ৰমণ ৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে মিজোৰাম চৰকাৰে । ২৬ এপ্ৰিললৈকে ৰাজ্যখনত লক ডাউন ঘোষণা কৰা হৈছে ।

মিজোৰামত সপ্তাহজোৰা লকডাউন
মিজোৰামত সপ্তাহজোৰা লকডাউন

By

Published : Apr 20, 2021, 8:09 PM IST

নেশ্যনেল ডেস্ক,২০ এপ্ৰিল: ক'ভিড-১৯ৰ স্থানীয় সংক্ৰমণ ৰোধ কৰাৰ বাবে মঙলবাৰে মিজোৰামত সপ্তাহজোৰা লক ডাউন ঘোষণা কৰা হয় । এই সময়চোৱাত ৰাজ্যখনত মহামাৰীত আক্ৰান্ত হোৱা লোকসকলক চিনাক্ত কৰি আন লোক সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে প্ৰয়াস কৰি স্বাস্থ্য বিভাগে । ২৬ এপ্ৰিললৈকে ৰাজ্যখনত লকডাউন ঘোষণা কৰা হৈছে ।

উল্লেখ্য যে, মঙলবাৰে মিজোৰামত নতুনকৈ ৯১ গৰাকী লোক মহামাৰীত আক্ৰান্ত হৈছে । আৰটিপিচিআৰৰ জৰিয়তে পৰীক্ষা কৰা ২২ টা নমুনাৰ ভিতৰত ৭টা সংক্ৰমিত বুলি প্ৰমাণিত হৈছে । বিভিন্ন জিলাৰ বিভিন্ন ট্ৰু এন এ টি পৰীক্ষাগাৰত ৪৭ টা নমুনা পৰীক্ষা কৰা কৰা হয় আৰু ইয়াৰ ভিতৰত এজন ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । আনহাতে, আৰএজিটিৰ দ্বাৰা পৰীক্ষা কৰা ১৭৬৩ টা নমুনাৰ ভিতৰত ৮৩ জন জন আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ।

মিজোৰামত সপ্তাহজোৰা লকডাউন

যোৱা ১৯ এপ্ৰিলত স্বাস্থ্য মন্ত্ৰী ড০ আৰ লালথাংলিয়ানাৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত মিজোৰামৰ সকলো জিলা আৰু ৰাজধানী আইজলত সপ্তাহজোৰা লক ডাউনৰ বাবে আহ্বান জনোৱা হয় । নতুন এছঅ’পি জাৰি কৰা হৈছে । ৰাজ্যৰ ভিতৰতহে ভ্ৰমণৰ অনুমতি দিয়া হৈছে । সপ্তাহজোৰা লক ডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে সকলো সামগ্ৰীৰ দোকান বন্ধ থাকিব ।

বিবাহৰ অনুষ্ঠান আৰু অন্ত্যেষ্টিক্ৰিয়াত ৩০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব । এনে সমাৱেশত খাদ্য আৰু পানীয় পৰিৱেশন কৰিবলৈ অনুমতি দিয়া নহয় । মিজোৰামত ৪৯৯৫ জন লোক মহামাৰীত আক্ৰান্ত হৈছে আৰু ৪৫৪৬ জন আৰোগ্য হৈছে । মঙলবাৰৰ দিনটোলৈকে ৰাজ্যখনত ৪৩৭ টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক: কৰ’ণা ভাইৰাছত আক্ৰান্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details