অসম

assam

ETV Bharat / bharat

COVID-১৯ঃ মিজোৰামত আক্ৰান্তৰ ১৩টা ঘটনা সক্ৰিয় - নতুনকৈ মহামাৰীত আক্ৰান্ত

মিজোৰামত বৃহস্পতিবাৰে নতুনকৈ মহামাৰীত আক্ৰান্ত হোৱা নাই কোনো লোক । যোৱা ১৮ মাৰ্চলৈকে ৰাজ্যখনত COVID-১৯ত আক্ৰান্তৰ ১৩টা ঘটনা সক্ৰিয় হৈ আছে । এতিয়ালৈকে ৰাজ্যখনত মহামাৰীৰ কবলত পৰিছে ৪,৪৪৫ জন লোক ।

মিজোৰামত বৃহস্পতিবাৰে নতুনকৈ মহামাৰীত আক্ৰান্ত হোৱা নাই কোনো লোক
মিজোৰামত বৃহস্পতিবাৰে নতুনকৈ মহামাৰীত আক্ৰান্ত হোৱা নাই কোনো লোক

By

Published : Mar 20, 2021, 1:34 PM IST

নেশ্যনেল ডেস্ক, ২০ মাৰ্চ: মিজোৰামত নতুনকৈ COVID-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই । ৰাজ্যখনত মহামাৰীৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও মহামাৰীৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণভাৱে মুক্ত বুলি ক'ব নোৱাৰি । যোৱা ১৮ মাৰ্চলৈকে ৰাজ্যখনত COVID-১৯ত আক্ৰান্তৰ ১৩টা ঘটনা সক্ৰিয় হৈ আছে । বৃহস্পতিবাৰে নতুনকৈ কোনো লোক মহামাৰীত আক্ৰান্ত হোৱা নাই বুলি জানিবলৈ দিছে স্বাস্থ্য বিভাগে ।

কিন্তু বুধবাৰে মাজনিশা জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আইজলৰ বাসিন্দা ৰত্না গুৰুং নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় । বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ৰত্না গুৰুঙে যোৱা ১১ মাৰ্চত শিলচৰৰ পৰা গৈ মিজোৰামত উপস্থিত হৈছিল আৰু শিলচৰৰ পৰা COVID-১৯ত আক্ৰান্ত নোহোৱাৰ প্ৰমাণপত্ৰ লৈ গৈছিল । যোৱা ৬ মাৰ্চত অসমত তেওঁ COVID-১৯ৰ পৰীক্ষা কৰাইছিল আৰু ফলাফল নিগেটিভ আহিছিল ।

১১ মাৰ্চত আইজলত উপস্থিত হোৱাৰ পিছত তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণে দেখা দিয়ে । ইয়াৰ পিছতে তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পিছত COVID-১৯ৰ পৰীক্ষা কৰোৱাত তেওঁ আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ।

পিছত জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰত্না গুৰুঙক ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ মৃত্যু হয় । তেওঁ উচ্চ ৰক্তচাপ জনিত ৰোগ আৰু নিউম'নিয়া ৰোগত আক্ৰান্ত হৈছিল । মিজোৰামত বৰ্তমানলৈকে ৪,৪৪৫ জন লোক মহামাৰীৰ কবলত পৰিছে । আনহাতে, আৰোগ্য হৈ উঠিছে ৪,৪২১ জন আৰু ১১ জন লোকে প্ৰাণ হেৰুৱাইছে ।


লগতে পঢ়ক:পশ্চিমবংগ নিৰ্বাচনঃ পাৰ্থ চেটাৰ্জীৰ বিৰুদ্ধে যুঁজ দিব শ্ৰাৱন্তী চেটাৰ্জীয়ে

ABOUT THE AUTHOR

...view details