আইজল, ১৫ মে': মিজোৰামত ক'ভিড পৰিস্থিতি দিনকদিনে বেয়াৰ দিশলৈ গতি কৰিছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ উপায় হিচাপে ৰাজ্য চৰকাৰে লক ডাউনৰ সময়সীমা ২৪ মে'লৈ বৃদ্ধি কৰিছে । যোৱা ১৩ মে'ত ৰাজ্যখনত ২০১ জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ।
জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৰটিপিচিআৰ গৱেষণাগাৰত পৰীক্ষা কৰা ৬৮৬ টা নমুনাৰ ভিতৰত ৫০ টাত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । ৰাজ্যখনত বিভিন্ন ট্ৰু এনএটি গৱেষণাগাৰত ১৬৯ জন লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত ৯ জন লোক আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । আৰএজিটিৰ দ্বাৰা কৰা পৰীক্ষাত ১,৯৯৬ টা নমুনাৰ ভিতৰত ১৪২ টা নমুনাত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।