নেশ্যনেল ডেস্ক,৮ মে': দেশত অব্যাহত আছে কৰ'ণা মহামাৰীৰ বিভীষিকা । আন আন ৰাজ্যৰ লগতে মিজোৰামতো বৃদ্ধি পাইছে মহামাৰীত আক্ৰান্তৰ সংখ্যা । এতিয়ালৈকে ৰাজ্যখনত ৭,১৪৭ জন লোক আক্ৰান্ত হৈছে । যোৱা ৬ মে'ত ৰাজ্যখনত নতুনকৈ ১৮৪ জন লোক মহামাৰীৰ কবলত পৰে । ক'ভিড-১৯ত আক্ৰান্ত হৈ মিজোৰামত এতিয়ালৈকে ১৭ জনে লোকে প্ৰাণ হেৰুৱাইছে ।
জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰটিপিচিআৰ পৰীক্ষাগাৰত কৰা নমুনা পৰীক্ষণৰ পিছত ৭৮ টা নমুনাত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । ট্ৰু এনএটি পৰীক্ষাগাৰত কৰা পৰীক্ষাত ১২ জন লোক আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে । আৰএজিটি পৰীক্ষাত ৯৪ জন লোক কৰ'ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কথা প্ৰমাণিত হয় ।