অসম

assam

By

Published : Apr 2, 2021, 8:34 AM IST

ETV Bharat / bharat

মিজোৰামত তিনিগৰাকী লোক নতুনকৈ ক'ভিড-19 আক্ৰান্ত

মিজোৰামত ক'ভিড-19 ত নতুনকৈ আক্ৰান্ত হ'ল তিনিগৰাকী লোক ৷ 1 এপ্ৰিললৈ ৰাজ্যখনত সক্ৰিয় অৱস্থাত ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা 29 গৰাকী হোৱাৰ বিপৰীতে ৰাজ্যখনৰ মুঠ ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা 4476 ৷

mizoram covid update
মিজোৰামত তিনিগৰাকী লোক নতুনকৈ ক'ভিড-19 আক্ৰান্ত

মিজোৰাম, 2 এপ্ৰিল:দেশৰ বিভিন্ন প্ৰান্তত ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মিজোৰামত তিনিগৰাকী লোক নতুনকৈ ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ জানিব পৰা মতে, ৰাজ্য খনৰ TrueNAT পৰীক্ষাগাৰত পৰীক্ষা কৰা 11 টা নমুনাৰ ভিতৰত 10 গৰাকীৰ ফলাফল নিগেটিভ হোৱাৰ পৰিৱৰ্তে এগৰাকী ক'ৰণাত আক্ৰান্ত বুলি ধৰা পৰে ৷ আক্ৰান্ত গৰাকী এটি তিনি বছৰীয়া শিশু বুলি জানিব পৰা গৈছে ৷ অৱশ্যে আক্ৰান্ত শিশুটোৰ শৰীৰত ক'ভিড-19 ৰ কোনো লক্ষণ নাই ৷

ইফালে RAgT পৰীক্ষাগাৰত পৰীক্ষা কৰা মুঠ 682 টা নমুনাৰ ভিতৰত অন্য দুগৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত বুলি ধৰা পৰে ৷ আক্ৰান্ত লোক দুগৰাকীৰ বয়স ক্ৰমে 21 আৰু 23 বুলি জানিব পৰা গৈছে ৷ দুয়োগৰাকী আক্ৰান্তই মহিলা আৰু দুয়োগৰাকীৰ শৰীৰতে ক'ভিড-19 ৰ লক্ষণ আছে ৷ ZMC RT-PCR পৰীক্ষাগাৰত 110 টাকৈ নমুনা পৰীক্ষা কৰা হয় যদিও আটাইকেইটা নমুনাৰে ফলাফল নিগেটিভ আহে ৷

1 এপ্ৰিলত দুগৰাকী লোকক ক'ভিড কেয়াৰ চেন্টাৰৰ পৰা অব্যাহতি দিয়া হয় ৷ উল্লেখ্য যে, ৰাজ্যখনৰ মুঠ ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা 4476 হোৱাৰ বিপৰীতে 1 এপ্ৰিলৰ দিনটোত ৰাজ্যখনত সক্ৰিয় অৱস্থাত ক'ভিড-19 আক্ৰান্ত হৈ থকা ৰোগীৰ সংখ্যা আছিল 29 গৰাকী ৷

লগতে পঢ়ক:দেশত তৃতীয় পৰ্যায়ৰ COVID-১৯ ৰ প্ৰতিষেধক প্ৰদান আৰম্ভ

ABOUT THE AUTHOR

...view details