মিজোৰাম,3 মে':ক'ভিডৰ বৰ্ধিত সংক্ৰমণে সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে মিজোৰামত দুটা দিনত দুগৰাকীকৈ ক'ভিড ৰোগীৰ মৃত্যু হোৱাৰ ঘটনাই ৰাজ্যবাসীৰ মনত আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ 2-3 মে'ত ৰাজ্যখনত ক'ভিডত আক্ৰান্ত দুগৰাকী ৰোগীৰ মৃত্যু ৷
2 মে'ৰ দিনটোত ৰাজ্যখনত 74 গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হয় ৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক'ভিডত আক্ৰান্ত মুঠ লোকৰ সংখ্যা 6,358 গৰাকীলৈ বৃদ্ধি পায় ৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনৰ বিভিন্ন জিলাত অৱস্থিত TrueNAT পৰীক্ষাগাৰত মুঠ 30 টা নমুনা পৰীক্ষা কৰা হয় ৷ ইয়াৰ ভিতৰত 4 গৰাকী ক'ভিডত আক্ৰান্ত বুলি ধৰা পৰে ৷