অসম

assam

ETV Bharat / bharat

মিজোৰামত পুনৰ 90 গৰাকী ক'ভিডত আক্ৰান্ত - মিজোৰাম

দেশৰ অন্য প্ৰান্তৰ লগতে মিজোৰামতো ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি ৷ মঙলবাৰৰ দিনটোত ৰাজ্যখনত 90 গৰাকী লোক ক'ভিডত আক্ৰান্ত হয় ৷ আক্ৰান্ত সকলৰ 29 গৰাকী বহিঃৰাজ্যৰ উভটি অহা ৷

mizoram covid 19 update
মিজোৰামত পুনৰ 90 গৰাকী ক'ভিডত আক্ৰান্ত

By

Published : Apr 22, 2021, 7:56 AM IST

মিজোৰাম, 22 এপ্ৰিল:কৰ'ণাৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে মিজোৰামত পুনৰ 90 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ মঙলবাৰৰ দিনটোত ৰাজ্যখনত 90 গৰাকী লোক নতুনকৈ এই অতিমাৰীত আক্ৰান্ত হয় ৷ মঙলবাৰে আক্ৰান্ত সকলৰ 29 গৰাকী বহিঃৰাজ্যৰ উভটি আহিছিল ৷

মিজোৰামত পুনৰ 90 গৰাকী ক'ভিডত আক্ৰান্ত

প্ৰাপ্ত তথ্য অনুসৰি, জ'ৰাম চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষা সম্পন্ন হোৱা মুঠ 541 টা নমুনাৰ ভিতৰত 30 গৰাকী লোকৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ ৰাজ্যখনৰ বিভিন্ন জিলাৰ TrueNAT পৰীক্ষাগাৰত মুঠ 36 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হয় যদিও কোনোটো নমুনাতে ভাইৰাছৰ উপস্থিতি ধৰা নপৰে ৷ অৱশ্যে RAgT পৰীক্ষাগাৰত সম্পন্ন হোৱা 2028 নমুনাৰ পৰীক্ষণত 60 গৰাকীৰ শৰীৰত ক'ভিডৰ উপস্থিতি ধৰা পৰে ৷

জানিব পৰা মতে, আক্ৰান্ত সকলৰ 41 গৰাকীৰ শৰীৰত এই ভাইৰাছৰ সংক্ৰমণ প্ৰত্যক্ষ সংস্পৰ্শৰ বাবে হোৱাৰ পৰিৱৰ্তে 14 গৰাকীৰ সংক্ৰমণৰ কাৰণ জানিব পৰা হোৱা নাই ৷

বৰ্তমানলৈকে ৰাজ্যখনত 5085 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰে 4569 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে 504 গৰাকী বৰ্তমানেও আক্ৰান্ত হৈ আছে ৷ কৰ'ণাত আক্ৰান্ত হৈ ৰাজ্যখনত এতিয়ালৈকে মুঠ 12 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷

লগতে পঢ়ক:গুজৰাটত অক্সিজেনৰ অভাৱত ১০ গৰাকী ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details