মিজোৰাম, 17 জানুৱাৰী :মিজোৰামত শনিবাৰে 8 জন লোকৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ ৷ মিজোৰামৰ জোৰাম মেডিকেল কলেজ আৰটি-পিচিআৰ গৱেষণাগাৰত শনিবাৰে 385 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হয় ৷ ইয়াৰে 6 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ ৷ আক্ৰান্তসকলৰ 3 জন পুৰুষ আৰু 3 গৰাকী মহিলা ৷ আনহাতে একেদিনাই মিজোৰামত 277 গৰাকীৰ ৰেপিড এন্টিজেন টেষ্ট কৰা হয় ৷ ৰেপিড এন্টিজেন টেষ্টত এজন যুৱক আৰু এগৰাকী মহিলাৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ ৷
মিজোৰামত পুনৰ 8 গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ - ক’ভিড পজিটিভ
মিজোৰামত বৰ্তমান ক’ভিড 19ত আক্ৰান্ত লোকৰ সংখ্যা 4,322 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে 4,235 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে বৰ্তমানো সক্ৰিয় হৈ আছে 78 টা ঘটনা ৷
মিজোৰামত পুনৰ 8 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ
উল্লেখ্য যে, মিজোৰামত বৰ্তমান ক’ভিড 19 ত আক্ৰান্ত লোকৰ সংখ্যা 4,322 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে 4,235 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে বৰ্তমানো সক্ৰিয় হৈ আছে 78 টা ঘটনা ৷ ৰাজ্যখনত বৰ্তমানলৈ ক’ভিড 19 ত মৃত্যু হৈছে 9 গৰাকীৰ ৷ আনহাতে ৰাজ্যখনত বৰ্তমানলৈ 1,92,766 গৰাকী লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ৷
লগতে পঢ়ক :কৃষি আইনৰ দ্বাৰা কৃষকৰ আয় বৃদ্ধি হ'ব : অমিত শ্বাহ